অসম

এতিয়া ডাঙৰ কথা ক’লে কি হ’ব? মোক খাটি এদিন মন্ত্ৰী হৈছিল হিমন্তঃ হাগ্ৰামা মহিলাৰী…

asomiyapratidin

কি হ'ব বিটিএডিৰ নিৰ্বাচন? ওদালগুৰিত কেনে পৰিৱেশ? দেওবাৰে হাগ্ৰামা মহিলাৰীয়ে দিনজুৰি চলালে নিৰ্বাচনী প্ৰচাৰ। কিন্তু পৰিৱেশ কি? বেংবাৰী আৰু খৈৰাবাৰীৰ পৰা মৃদুল কুমাৰ সন্দিকৈৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট।

'এশ হিমন্ত আহিলেও মোক একো কৰিব নোৱাৰে। মই বিজেপিৰ অক্সিজেন লোৱা নাই। হিমন্ত আৰু বিজেপিয়েহে মোৰ অক্সিজেন লৈ দিছপুৰত চৰকাৰ কৰিছে।'- অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত এই মন্তব্য কৰিলে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত। দেওবাৰে ওদালগুৰিত দুখনকৈ নিৰ্বাচনী সভাত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে। সেই নিৰ্বাচনী সভাত অংশ ল'বলৈ আহি হাগ্ৰামা মহিলাৰীয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে কিছু সময়ৰ বাবে বাৰ্তালাপত মিলিত হৈছিল।

হাগ্ৰামা মহিলাৰীয়ে লগতে কয়- 'হিমন্ত বিশ্ব শৰ্মাই এদিন তেওঁক বায়'ডাটা দিছিল। কটনত নে ক'ত পঢ়ে বুলি লিখা আছিল বায়'ডাটাত। মোক অনুৰোধ কৰিছিল তেতিয়াৰ চি এম ছাৰক কৈ তেওঁক মন্ত্ৰী পাতিবলৈ। প্রথমে তেওঁক ৰাজ্যিক মন্ত্ৰী পাতিছিল। তাৰ পাছত মোৰ খাটিৰতে কেবিনেট মন্ত্ৰীও পাতিলে। মোক তেতিয়া ছাৰ বুলি সম্বোধন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আমাক ভয় খোৱাব আহে। তেওঁৰ দৰে এশ জন হিমন্ত বিশ্ব আহিলেও আমি ভয় নকৰে।'

বেংবাৰী আৰু খৈৰাবাৰীত দুখনকৈ নিৰ্বাচনী সভাত বিপিএফৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে বিটিচিত পুনৰ বিপিএফ-য়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। প্ৰথমে বেংবাৰীত ৩৪নং খালিংদুৱাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মহিলাৰীয়ে।

এই নিৰ্বাচনী সভাত অংশ লয় ওদালগুৰিৰ বিধায়ক তথা মন্ত্ৰী ৰিহন দৈমাৰীয়েও। মন্ত্ৰীজনে তেওঁৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- বিজেপিয়ে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰৰ চলাইছে। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ নাম তেওঁৰ চহী নহ'লে নহ'ব বুলি যি অপপ্ৰচাৰ চলাইছে সেই সন্দৰ্ভতো তেওঁ নিজৰ স্থিতি স্পষ্ট কৰে।

স্থানীয় বিধায়ক হিচাপে সেয়া তেওঁৰ কৰ্তৃত্ব আৰু দায়িত্ব বুলি উল্লেখ কৰি কয়- উপযুক্ত হিতাধিকাৰী নিৰ্বাচন কৰাত তেওঁৰ নিশ্চয় ভূমিকা থাকিব । হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে পুনৰ চৰকাৰ হ'ব বুলিও তেওঁ দাবী কৰে।

উল্লেখ্য যে, এই সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী হিচাপে বনজাৰ দৈমাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূুৰ্বতেও এই সমষ্টিত তিনিবাৰকৈ বনজাৰ দৈমাৰী জয়ী হৈছিল। প্ৰায় ৫ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি মহিলাৰীয়ে কয়- 'হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যি ইচ্ছা তাকেই কৰিব। যদি মিত্ৰতা ভংগ কৰিব বিচাৰে, তেনেহ'লে আবুল তাবুল বকি থকাতকৈ দিল্লীক এই সন্দৰ্ভত ক'বলৈ দিয়ক। আপুনি ইয়াত কি বকি আছে? অমিত শ্বাহ-জেপি নড্ডাক ক'বলৈ দিয়ক আমাৰ সৈতে মিত্ৰতা নাই বুলি।'

হাগ্ৰামা মহিলাৰীয়ে বিটিচিত পৰৱৰ্তী চৰকাৰ বিপিএফ-য়ে গঠন কৰিলে ২০২১ বৰ্ষৰ এপ্ৰিলৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ২০০৩চনৰ ১০ ফেব্ৰুৱাৰী ভিত্তি হিচাপে লৈ এই মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে বিটিচিৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বড়োলেণ্ড দাপোন শীৰ্ষক আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও সদৰী কৰে।

উল্লেখ্য যে, ৭ ডিচেম্বৰ, ২০২০ত প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সাত বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ১০ ডিচেম্বৰ, ২০২০ত অনুষ্ঠিত হ'ব আন দুখন জিলা ক্ৰমে- কোকৰাঝাৰ আৰু চিৰাঙৰ ভোটগ্ৰহণ। দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰি হাগ্ৰামা মহিলাৰীয়ে কয়- হিমন্ত বিশ্ব শৰ্মা কোৰোনাৰো ডাক্টৰ, সবৰে মাষ্টৰ। বিহাৰত যদি নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে, বিটিচিত কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰো বুলি কৈছিল তাক লৈও তেওঁ প্রশ্ন তোলে। তেওঁ নিৰ্বাচনৰো ডাক্টৰ বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰয়োজন হ'লে চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলেও আপত্তি নাই বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক।

এই নিৰ্বাচনী সভাত আদৰণি ভাষণ দি বিপিএফৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীয়ে কয়- ইউপিপিএলে মিছা কথাৰ জৰিয়তে ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে। লাখ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে চৰকাৰ গঠন কৰাই নাই, কেনেকৈ এইবোৰ কৰিব তাৰ কোনো পৰিকল্পনা নাই। বিপিএফৰ সমৰ্থকক সভালৈ নাহিবলৈ ভাবুকি দিয়াৰ চেষ্টা কৰাৰো অভিযোগ তোলে।

ওদালগুৰি জিলাৰ খালিংদুৱাৰৰ এই নিৰ্বাচনী সভাত উপস্থিত আছিল বিধায়ক কমলা বসুমতাৰী আৰু মহেশ্বৰ বড়ো। সভাত উপস্থিত ৰাইজক আকৰ্ষিত কৰিবলৈ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে। অসমৰ জনপ্ৰিয় গায়ক ভৃগু কাশ্যপে আকৌ এবাৰ হাগ্ৰামা চৰকাৰ শীৰ্ষক গীতটি পৰিৱেশন কৰি বিপিএফৰ সমৰ্থনত ভোট দিবলৈ ৰাইজক আহ্বান জনায়। এই নিৰ্বাচনী সভাত ভৃগু কাশ্যপৰ গীতে বহু সমৰ্থকক মুগ্ধ কৰে। ৰাইজেও ভৃগু কাশ্যপৰ গীতৰ তালে তালে হাত চাপৰি বজাই নৃত্য কৰা দৃশ্যও দেখিবলৈ পোৱা যায়।

হাগ্ৰামা মহিলাৰীয়ে ভাষণৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই গণসমাবেশত স্থানীয় বিহু দলে বিহু পৰিৱেশন কৰে। এই সভাখনত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে কয়- ওদালগুৰি জিলা বিটিচিৰ ৪০ বিভাগৰ যিমান পদ আছে সেই পদসমূহত কেৱল জিলাখনৰ প্ৰাৰ্থীকে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।পুনৰ বিটিচি চৰকাৰ গঠন কৰিলে তেওঁলোকে কি কি কৰিব তাৰ নিৰ্বাচনী ইস্তাহাৰ অচিৰেই প্ৰকাশ পাব বুলি তেওঁ জনায়।

সকলো জাতি-জনগোষ্ঠীৰ বাবে সুকীয়াকৈ উন্নয়ন পৰিষদ গঠন কৰাৰ পৰিকল্পনা কৰিছে আৰু ইউপিপিএলে দিয়া মিছা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত মিলা-প্ৰীতিৰে সকলো দিশত সমউন্নয়ন, সমঅধিকাৰ স্থাপন হৈছে বুলি দাবী কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ইফালে, ইউপিপিএলে নিৰ্বাচনী ৰেলী উলিওৱাৰ নামত ছাগলী চুৰি কৰাৰ দৰে অপৰাধ সংঘটিত কৰাৰ অভিযোগ তোলে বিপিএফৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীয়ে।

হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে- ওদালগুৰিৰ ১০ খন আসনৰ ভিতৰত তেওঁলোকে ১০খন আৰু বিটিএডিত ৪০খন আসন লাভ কৰিব। বিজেপি ত্যাগ কৰা বিশ্বজিৎ দৈমাৰী সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়। তেওঁ কয়- বিশ্বজিৎ দৈমাৰী বিটিচিৰ মানুহ নহয়। তেওঁ গুৱাহাটীতে থাকে। বিজেপিয়ে তেওঁক বহু প্ৰতিশ্ৰুতি দি বিজেপিলৈ নিছে। হিমন্ত বিশ্বৰ কথা মতে, বিজেপিলৈ গৈ তেওঁলোকে একো নাপায়। বিটিচিৰ চীফ হ'ম বুলি তেওঁ ভাবিছে। তেওঁলোকে পৰ্বতত কাছৰ কণী বিচাৰি গৈছে। ইমানুল মুছাহাৰীকো সমালোচনা কৰি তেওঁ কয়- এই মানুহটোৱে খং আৰু হাঁহিব নাজানে।

সাহস থাকিলে মন্ত্ৰী সভাৰ পৰা বিপিএফৰ তিনি মন্ত্ৰীক উলিয়াই দেখুৱাক বুলি মন্তব্য কৰে মহিৰালীয়ে। গণসমাবেশ লৈ হাজাৰ হাজাৰ মানুহ বাহিৰৰ পৰা অনা বুলিও তেওঁ অভিযোগ কৰে। ২০১৬চনত মোডী অসমলৈ আহোতে বিটিএডিতে তেওঁ নিজেই লাখ লাখ মানুহ আনি দেখুৱাইছিল বুলিও কয়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে কয়- যদি ইমানেই সাহস আছে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এদিন কংগ্ৰেছ, এদিন বিজেপিত থাকি আনক হুংকাৰ দি থকাতকৈ নিজে ৰাজনৈতিক দল গঠন কৰি তেওঁৰ গণভিত্তি প্ৰমাণ কৰক।

এই গণসমাবেশত উপস্থিত লোকসকলক আনন্দৰ খুৰাগ যোগাই কৌতুক অভিনেতা বিপুল ৰাভাই। অভিনেতা গৰাকীয়ে বিপিএফ মানে বগা পবিত্ৰ ফুল আখ্যা দি হাগ্ৰামা মহিলাৰীকে পুনৰ বিটিএডিৰ মুৰব্বী কৰিবলৈ ৰাইজৰ প্ৰতি গোঁহাৰি জনায়। লগতে তেওঁ এক হাস্যব্যংগ অনুষ্ঠানো পৰিবেশন কৰে।

কেৱল ভাষণেৰে নহয়, গীত আৰু এনে কৌতুক অভিনয়ৰে মানুহ ধৰি ৰখাৰ চেষ্টা কৰে বিপিএফৰ নিৰ্বাচনী সভাসমূহত। সেয়েহে এই নিৰ্বাচনী সভাসমূহ যথেষ্ট উপভোগ্য হৈ পৰিছিল উপস্থিত লোকসকলৰ বাবে ।

ওদালগুৰিৰ ১০ টা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। এই নিৰ্বাচনী সভাত হৰিশিঙা পৰিষদৰ বিপিএফৰ প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰীও উপস্থিত আছিল। বিটিআৰ নিৰ্বাচন বুলি ইউপিপিএলে প্ৰচাৰ চলাইছে যদিও, এয়া বিটিআৰ নহয়, বিটিচি নিৰ্বাচন বুলি কয় ৰিহন দৈমাৰীয়ে।

প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিক কেন্দ্ৰ কৰি এতিয়া নিজেই অনুসূচনাত ভোগাৰ দাবী কৰে বিপিএফৰ নেতৃত্বই। ভাষণৰ মাজে মাজে বেংবাৰীৰ গণসমাবেশত নৃত্য আৰু আন সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰা হয়।

ইফালে, এই নিৰ্বাচনী সভাত অংশ লোৱাৰ পাছতে হাগ্ৰামা মহিলাৰী যায় খৈৰাবাৰীলৈ। খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত আন এক সভাত অংশ লয়। তেওঁৰ সৈতে উপস্থিত থাকে প্রথমখন নিৰ্বাচনী সভাত উপস্থিত থকা বিপিএফৰ নেতৃত্ব।

৩১ নং খৈৰাবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী লৌম্বছা দৈমাৰী। এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী ভৱেন্দ্ৰ বড়ো। বেংবাৰীত কোৱা কথাখিনিয়ে এই সভাত দোহাৰে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে উপস্থিতি বেংবাৰীতকৈ খৈৰাবাৰীত আছিল কিছু বেছি।

ওদালগুৰিৰ ১০ টা সমষ্টিৰ ভিতৰত পূৰ্বতে ৮টা সমষ্টিতে জয়ী হৈছিল বিপিএফৰ প্ৰাৰ্থী। নিৰ্বাচনী সভাত মানুহ হ'লেও এইবাৰ সহজ নহ'ব জিলাখনত বিপিএফৰ জয়। স্থানীয় লোকৰ সৈতে কৰা মত-বিনিময়ত জানিব পৰা মতে, বিপিএফৰ সমান্তৰালভাৱে ইউপিপিএলেও খুপনি পুতিছে এই সমষ্টি কেইটাত।

৩১ নং খৈৰাবাৰী সমষ্টিত এইবাৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ সৈতে মুল যুঁজ হ'ব বিপিএফৰ। জিলাখনৰ ৬টা সমষ্টিত ইউপিপিএল আৰু বিপিএফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলিও স্থানীয় লোকসকলে সদৰী কৰে। পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ ওদালগুৰিত বিপিএফৰ সলনি বহু ভোটাৰে ইউপিপিএলৰ পক্ষত ভোট দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

স্থানীয় এজন সচেতন ব্যক্তিয়ে জানিবলৈ দিয়া মতে, লকডাউনৰ পূৰ্বৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত যথেষ্ট পৰিৱৰ্তন হৈছে। বিজেপিয়ে নিজাকৈ প্ৰাৰ্থী থিয় কৰোৱাৰ পাছত বিপিএফৰ শিবিৰৰ বহু ভোট ভাগ-বতৰা হ'ব।

তেনে পৰিস্থিতিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিলেও আচৰিত হ'ব লগা নাথাকিব। অৱশ্যে বিজেপিৰ স্থিতি এই মুহূৰ্তলৈকে সুবিধাজনক নহয় বুলি তেওঁ মন্তব্য কৰে। নিৰ্বাচনৰ পট পৰিৱৰ্তন সময়ে সময়ে সলনি হৈ আছে বুলি উল্লেখ কৰি শেষৰ দিন কেইটাৰ পৰিৱেশ কি হয় তাৰ ওপৰতে ফলাফল নিৰ্ভৰ কৰিব বুলিও জানিবলৈ দিয়ে।

এইদৰে এতিয়া বিটিএডিৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে ওদালগুৰিত। সকলোৱে দাবী কৰিছে- তেওঁলোকেই মাৰিব শেষ হাঁহি। কিন্তু বিপিএফৰ বাবে পূৰ্বৰ দৰে সহজ হৈ থকা নাই ওদালগুৰিৰ ঘাটি। তিনিবাৰকৈ শাসনত থাকি উন্নয়নৰ নামত ওদালগুৰিত বৰ বিশেষ নকৰিলে বুলিও স্থানীয় লোকে অভিযোগ তোলে। অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিএডিৰ নিৰ্বাচন। ১২ ডিচেম্বৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।