অসম

"শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে"...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নিষিদ্ধ সংগঠন কেএলঅ'ক লৈ মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ । প্ৰমোদ বড়োয়ে কেএলঅ’ক লৈ মন্তব্য প্ৰদান কৰি কয় যে বন্দুক লৈ ধনদাবী কৰা ভাল কাম নহয় । বিটিআৰ শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে । সেই পৰিৱেশ নষ্ট কৰিব নালাগে ।

১০০,৫০০ জন ল'ৰাই হাতত বন্দুক লৈ ভাৰত চৰকাৰক একো কৰিব নোৱাৰে । লগতে তেওঁ বিটিআৰৰ আইন-শৃংখলাৰ প্ৰতি আৰক্ষী প্ৰশাসন সতৰ্ক হোৱাত আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ কেএলঅ'ক লৈ মন্তব্য প্ৰদান কৰে । তেওঁ কয় কেএলঅ' হৈছে এটা অবৈধ সংগঠন । অবৈধ সংগঠন বনাই অশান্ত কৰিলে সহ্য কৰা নহ'ব ।

কেএলঅ' দৰে অবৈধ সংগঠনে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে । উচিত শিক্ষা দিয়া হৈছে , সহ্য কৰা নহ'ব । সৰু সৰু ডেকা লৰা ড্ৰাগছ আসক্ত ল’ৰাৰ কোনো জাতীয় সত্বা নাই ।

এনেই দাবী ধমকি দি সন্ত্ৰাসৰ সৃষ্টি কৰে । বাংলাদেশৰ নম্বৰৰ পৰা ধনদাবী পত্ৰ আহে । লগতে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰীয়ে অশান্ত হ'ব নিদিয়ে ।