অসম

বি টি চিৰ পৰা কৌৰৱ বাহিনীক উৎখাতৰ আহ্বান মন্ত্ৰী ভৱেশ কলিতাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, আন্ধেৰীঘাট: বিটিচিৰ পৰা কৌৰৱ বাহিনীক উৎখাত কৰক। ভোটদান কৰি বি পি এফক উৎখাত কৰিবলৈ আহ্বান জনালে মন্ত্ৰী ভৱেশ কলিতাই। ছিপাঝাৰ সমষ্টিৰ অ-বড়ো অধ্যুষিত বামুণঝাৰ আৰু কটৰা গাওঁ দুখন বি টি আৰ পৰা কৰ্তন কৰা হ'ব- এই আশ্বাস প্ৰদান কৰি মন্ত্ৰী ভৱেশ কলিতাই কয়। বিবাদমান গাওঁ দুখনত ছিপাঝাৰ সমষ্টি অ-বড়ো সুৰক্ষা সংগ্ৰাম সমিতিৰ দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাজহুৱা ভাৱে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ।

বি টি চিৰ বিবদমান গাওঁ সন্দৰ্ভত চৰাকাৰে গঠন কৰা আয়োগৰ সদস্য ডালিম বায়ন আৰু বিধায়ক বিনন্দ শইকীয়াৰ উপস্হিতিত মন্ত্ৰী গৰাকীৰ ঘোষণাই স্বাভাৱিকতে গাওঁ দুখনৰ অ-বড়ো ৰাইজক উৎফুল্লিত কৰিছে। বামুণঝাৰত আফজল হুছেইনে সভাপতিত্ব কৰা সভাখনত মন্ত্ৰী গৰাকীয়ে অন্যায় কৰা কৌৰৱৰ ধ্বংস এইবাৰ নিশ্চিত বুলি উল্লেখ কৰি বিটিচি নিৰ্বাচনত গাওঁ দুখনৰ অ-বড়ো ৰাইজক শেষবাৰৰ বাবে ভোট দান কৰি কৌৰৱ বাহিনীক বিটিচি পৰা উৎখাত কৰাৰ আহ্বান জনায়।

কোকৰাঝাৰত বিজেপিৰ নেতৃত্বত বিটিচি চৰকাৰৰ গঠন কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে বঞ্চনা অৱহেলা কৰি ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত কৰা হাগ্ৰামা বাহিনীক এশেকা দিয়া এই সুযোগ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিটিচিৰ সীমামূৰীয়া গাওঁ সমূহক বি টি আৰ চুক্তিয়ে ন্যায় প্ৰদান কৰিব বুলি প্ৰকাশ কৰি সকলোকে ন্যায়,সম মৰ্য্যদা আৰু সম উন্নয়নৰ ক্ষেত্ৰত বি জে পি দায়বদ্ধ বুলি কয় ।

ছিপাঝাৰ সমষ্টি অ-বড়ো সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা সভা দুখন একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ পৰ্য্যৱেক্ষিত কৰা মন্ত্ৰী গৰাকীয়ে ভাষণত হাগ্ৰামা মহিলাৰী আৰু সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মক আক্ৰমণৰ লক্ষ্য হিচাপে লয়। বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ষড়যন্ত্ৰ মুকলিভাৱে বিটিছিত অন্তৰ্ভুক্ত কৰি ৰাইজৰ অধিকাৰ খৰ্ব কৰা বুলি মন্তব্য কৰে। উল্লেখ্য যে, ছিপাঝাৰৰ অ-বড়ো অধ্যুষিত গাওঁ দুখন বিটিচিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত বিগত ১৭ বছৰে গাওঁবাসীয়ে আন্দোলন,প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।আনকি বিগত বিটিচিৰ পৰিষদীয় নিৰ্বাচন বৰ্জন কৰি আহিছিল।