অসম

৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ দিয়াৰা বি এছ এফ কেম্পত দেওঁবাৰে ৬ নং বি এন বি এছ এফে এক জনহিতৰ্থে "ছিভিক এক্সশ্যান প্ৰগ্ৰাম"ৰ জৰিয়তে দুখীয়া নিচলা মহিলা পুৰুষ, শিশুক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া কৈ ঔষধ বিতৰন কৰাৰ লগতে, দুখীয়া নিচলা মহিলা পুৰুষক ব্লেংকেট,আঠুৱা, শাৰীৰিক ভাবে সক্ষম কেইজন মান ব্যাক্তিক হুইল চিয়াৰ বিতৰণ কৰে।

তাৰোপৰি সীমান্ত অঞ্চলৰ বিভিন্ন স্কুলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ,টিফিন বক্স,খেল ধেমালিৰ সামগ্ৰী বিতৰন কৰে।স্থানীয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ দেশভক্তি মুলক গীত নৃত্য পৰিবেশন কৰে। চিকিৎসা শিবিৰ খনত ডেৰ সহস্ৰাধিক মহিলা পুৰুষ শিশু বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া কৈ ঔষধ বিতৰন কৰে।

চিকিৎসা শিবিৰ খনত ৬ন‍ং বিএন বিএছ এফৰ চিঅ' এম আৰ মেনা, ডেপুটি কামাণ্ডেণ্ট চি.আৰ. মোজা , ডেপুটি কামাণ্ডেণ্ট তিৱাৰী, সহ কামাণ্ডেণ্ট ড০ অভিজয় সিঙ বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, সচেতন ব্যক্তি গাঁও পঞ্চায়ত প্ৰতিনিধি প্ৰমুখ্যে উপস্থিত থাকে । এনে মহৎ কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে বি এ এছ এফৰ ভূয়সী প্ৰশংসা কৰে।