অসম

ৰাজ্য চৰকাৰক অন্ধবিশ্বাস ৰোধ কৰাত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী ব্ৰাদাৰ্ছৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাম্প্ৰতিক সময়ত ৰাজ্যত ভয়ংকৰ ৰূপত দেখা দিছে অন্ধবিশ্বাসে।চৰকাৰে অন্ধবিশ্বাস ৰোধ কৰাত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত 'ব্ৰাদাৰ্ছ' নামৰ ৰাষ্ট্ৰীয় সংগঠনটোৱে এক সংবাদ মেল আয়োজন কৰে। ওদালগুৰিৰ কলাইগাঁৱৰ ঘটনাই ৰাজ্যখনৰ সমাজক লজ্জানত কৰা বুলি সংবাদমেলত মন্তব্য কৰে সংগঠনটোৰ কৰ্মী তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই।

শিক্ষাৰ উচ্চ শিক্ষাধাৰী লোকৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ উচিত মূল্য নহলে অনাগত সময়ত সমগ্ৰ দেশকে অন্ধবিশ্বাসে চানি ধৰিব বুলি তেখেতে সংবাদমেলত প্ৰকাশ কৰে। তদুপৰি মহানগৰীৰ সোণাইঘুলিৰ ৰবীন ৰাজবংশী নামৰ এজন ভণ্ড বাবাই নিজৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা চুবুৰীয়াকো ভাবুকি দি অহাৰ কথা উল্লেখ কৰে সমাজকৰ্মী শইকীয়াই। ইফালে এইধৰণৰ অন্ধবিশ্বাস, ভণ্ড বাবা আদি সমাজৰ পৰা ৰোধ কৰাত ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় সংগনটোৱে।