বৰপেটা, শোণিতপুৰ, গুৱাহাটীতো প্ৰাৰ্থী দিব বি পি এফে...
বৰপেটা, শোণিতপুৰ, গুৱাহাটীতো প্ৰাৰ্থী দিব বি পি এফে... 
অসম

বৰপেটা, শোণিতপুৰ, গুৱাহাটীতো প্ৰাৰ্থী দিব বি পি এফে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ বি পি এফে আজি আনুষ্ঠানিকভাৱে দুখন লোকসভা আসনৰ বাবে দলটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। কোকৰাঝাৰ লোকসভা আসনখনৰ বাবে দলটোৱে বি টি চিৰ পূৰ্বৰ উপ-কাৰ্যবাহী খাম্ফা বৰগয়াৰী আৰু দৰং-ওদালগুৰি সমষ্টিৰ বাবে বিধায়ক দুৰ্গাদাস বড়োৰ নাম ঘোষণা কৰিলে।

কিন্তু দলটোৱে এই দুই আসনৰ উপৰিও আন কেইবাখনো আসনত এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আজি ঘোষণা কৰিছে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। শনিবাৰে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে এইবাৰৰ লোকসভা নিৰ্বাচনত মুঠ ৫ খন আসনৰ বাবে দলটোৱে প্ৰাৰ্থী ঘোষণা কৰিব। দলটোৱে প্ৰতিদ্বন্দিতা কৰিবলগীয়া অৱশিষ্ট ৩ খন আসন ক্ৰমে গুৱাহাটী, বৰপেটা আৰু শোণিতপুৰ লোকসভা সমষ্টি।

শীঘ্ৰেই এই তিনিওখন আসনতে দলটোৱে প্ৰাৰ্থী ঘোষণা কৰিব। ইফালে বৰপেটা আসনখনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰা আব্দুল খেলকক বি পি এফে প্ৰাৰ্থীত্ব প্ৰদান কৰিব পাৰে বুলি এক চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে খালেকৰ সৈতে হাগ্ৰামা মহিলাৰীৰো টেলিফোনিক আলোচনা সম্পন্ন হোৱাৰ কথা এক সূত্ৰই শুকুৰবাৰে সদৰি কৰিছিল।