অসম

ছালাকাটি সমষ্টিত বিপিএফ প্ৰাৰ্থীৰ বিশাল পদযাত্ৰা…

asomiyapratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিটিচি নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে । ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে আজি ছালাকাটি সমষ্টিৰ অন্তৰ্গত ভূটীয়াপাৰা আৰু মঞ্চৰগাঁৱত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলায় । ভূটীয়াপাৰা ৰাজহুৱা শিৱ মন্দিৰ প্ৰাংগনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি বিপিএফৰ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনাই একমাত্ৰ বিপিএফ দলেহে শান্তি , উন্নয়ন আৰু প্ৰগতি আনিবলৈ সক্ষম হব বুলি মন্তব্য কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাতে বহু দল , সংগঠন আৰু ব্যাক্তিবিশেষে বিপিএফৰ প্ৰাৰ্থীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় । নিৰ্বাচনী প্ৰচাৰ সভাৰ পিছতে বিশাল সমদলেৰে বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে ভূটীয়াপাৰা গাঁৱৰ মাজেৰে পদযাত্ৰাৰে মঞ্চৰগাঁৱত উপস্থিত হয় । ইয়াৰ মাজতে বিপিএফৰ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে ঘৰে ঘৰে সোমাই প্ৰচাৰ অভিযান কৰে।
নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পিছত ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে বিপিএফৰ বিজয় নিশ্চিত আৰু বিপিএফ দলে কমেও ২৫ খন আসন পাব বুলি দাবী কৰিছে । বিজেপি দলে হেলিকপ্টাৰ ঘূৰালেও কোনো কামত নাহিব বুলি মন্তব্য কৰি ভোটাৰ ৰাইজৰ আস্থা হাগ্ৰামা মহিলাৰীৰ সতে আছে বুলি মন্তব্য কৰে । ভিচিডিচি সমুহত কোনো দূৰ্নীতি হোৱা নাই বুলি মন্তব্য কৰি চতুৰ্থবাৰৰ বাবে বিপিএফ দল শাসনত আহিলে জনসাধাৰণৰ মতক সৰ্বাধিক গুৰুত্ব আৰোপ কৰিহে কামসমুহ ৰূপায়ন কৰিব বুলি সদৰি কৰিছে ।

ইয়াৰোপৰি বিজেপি দলকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে ।ইপিনে বুধবাৰে বিয়লি ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঢোলমাৰাত বিজেপি প্ৰাৰ্থীৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অভিনেতা যতীন বৰাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।