অসম

পাচনৈ চেৰফাং সমষ্টিত বিপিএফ বিজেপিৰ বিশাল ৰেলী…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: বি টি চি নিৰ্বাচনলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত ৩৯ নং পাচনৈ চেৰফাং সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মাজবাটত বৃহস্পতি বাৰে মন্ত্ৰী হিমন্তৰ অংশ গ্ৰহনেৰে বি জে পিয়ে উলিওৱা বাইক ৰেলীৰ সমান্তৰাল ভাৱে বিপিএফেও উলিৱাই এক বিশাল বাইক ৰেলী।এফালে ষ্টাৰ কেম্পেনাৰ হিমন্ত বিশ্ব শৰ্মা।

আনফালে মাজবাট সমষ্টিৰ বিধায়ক চৰন বড়ো। হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত বিজেপিৰ ৰেলীৰ সমানে সমানে চৰণ বড়োৰ নেত্ৰিত্বত পাচনৈ চেৰফাং সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শ্যাচুণ্ডীৰ নিৰ্বাচনী প্ৰচাৰৰ বাৱে উলিৱাই এক বিশাল বাইক ৰেলী। লামাবাৰীৰ পৰা মাজবাট -ওৰাং হৈ মেৰাপানীত উপস্থিত হয় বিপিএফৰ বাইক ৰেলী। ২

০ কিলোমিটাৰ যোৰা এই বিশাল ৰেলীত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। গুৰুত্বপুৰ্ন ভাৱে একে সময়তে বি জে পিয়ে উলিওৱা ৰেলীতকৈ বি পি এফৰ বাইক ৰেলীত অংশগ্ৰহন কাৰীৰ সংখ্যা অধিক পৰিমানে দেখা পৰিলক্ষিত হয়৷

একপ্ৰকাৰ বৃহস্পতি বাৰৰ দিনটোত বি জে পি – বি পি এফৰ বাবে আছিল এক শক্তি পৰীক্ষা। পিছে এই শক্তি পৰীক্ষাত কোনে বিজয়ৰ শেষ হাঁহি মাৰে সেয়া অহা ১২ ডিচেম্বৰৰ ফলাফল ঘোষণাৰ পিছতহে জানিব পৰা যাব।