অসম

কৃষ্ণাইত দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা যুৱকৰ

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে এজন যুৱকে কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলায়৷

জানিব পৰা মতে, এজন যুৱকে ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজ কাঢ়ি আহি হঠাৎ দলঙৰ পৰা জপিয়াই দিয়ে৷ পিছত স্থানীয় লোক আৰু পথচাৰীয়ে ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত যুৱকজনত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে৷

যুৱকজন গোৱালাপাৰা নয়াপাৰাৰ ছৰিফুল হক বুলি জানিব পৰা গৈছে৷ কৃষ্ণাইৰ বিদ্যাপাৰাত এঘৰত ঘৰ জোঁৱাই আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ অৱশ্যে কি কাৰণত যুৱকজন দলঙৰ পৰা জপিয়াই অাত্মহত্যাৰ চেষ্টা চলাইছিল সেই সম্পৰ্কে এতিয়ালৈ জানিব পৰা হোৱা নাই৷