অসম

বটদ্ৰৱাত জগতগুৰুৰ প্ৰিয়শিষ্য গাৰোৰ গোবিন্দ আতৈৰ বংশধৰ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অন্যতম প্ৰিয় শিষ্য গাৰোৰ গোবিন্দ আতৈৰ বংশধৰসকলৰ এটি সজাতি দলে সোমবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠপুৰী বটদ্ৰৱা থান দৰ্শন কৰে ৷ গাৰোৰ গোবিন্দ আতৈৰ বংশধৰ উপেন্দ্ৰ হাৰী কোঁচৰ নেতৃত্বত জনগোষ্ঠীয় লোকসকলে আজি বটদ্ৰৱাত আহি গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ৷ দলটোৱে গুৰুজনাৰ স্মৃতি বিজড়িত বিভিন্ন পূণ্যস্থানসমূহ দৰ্শন কৰি অভিভূত হৈ পৰে ৷

জনগোষ্ঠীয় দলটোৱে দক্ষিণ শালমৰা জিলাৰ মানকাচৰৰ অসম বাংলা সীমান্তৰ জনগোষ্ঠীয় অঞ্চলত গুৰুজনাৰ বৰ্ণীল শঙ্কৰী কলা সংস্কৃতি প্ৰচাৰ প্ৰসাৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পিত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক' সংবাদদাতাক অৱগত কৰে । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা জনগোষ্ঠীয় দলটোক উষ্ম আদৰণি জনায় সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাসহ কাৰ্যকৰী সদস্য আৰু ভকত-বৈষ্ণৱসকলে৷