অসম

বৰক্ষেত্ৰী এনৰেগাৰ ২৩১ কোটি টকাৰ কেলেংকাৰীঃ প্রাক্তন বি ডি অ’ নেকিবুৰ ৰহমান, কার্যবাহী অভিযন্তা ছাহজাহান আলীক নিলম্বন…

asomiyapratidin

ডিজিটেল সংবাদ নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কেইবাশ কোটিটকীয়া এম জি এনৰেগাৰ দুৰ্নীতি-কেলেংকাৰী সন্দৰ্ভত এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তদানীন্তন বি ডি অ' নেকিবুৰ ৰহমান আৰু নলবাৰী জিলা পৰিষদৰ কার্যবাহী অভিযন্তা ছাহজাহান আলী আহমেদক মঙ্গলবাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাই জাৰি কৰিছে এই নিলম্বনৰ নিৰ্দেশ।

বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বৰক্ষেত্ৰী সমষ্টিৰ এম ডি এনৰেগা ৰূপায়নৰ নামত ৫ বছৰত ২৩১ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। সমষ্টিটোৰ তদনীন্তন বিধায়ক নাৰায়ন ডেকাৰ দালাল বাহিনীয়ে সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰী। শেহতীয়াকৈ বৰেক্ষেত্ৰী উন্নয়ন খণ্ডৰ তিনিগৰাকী ঠিকাভিত্তিক অভিযন্ত্ৰা আৰু দুগৰাকী অস্থায়ী কম্পিউটাৰ সহায়কক চাকৰিৰ পৰা অব্যাহতি দিছে।

ইয়াৰ পিছতো বৰক্ষেত্ৰী প্ৰাক্তন বি ডি অ' নেকিবুৰ ৰহমানৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা। জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্ৰা চাহজাহান আলীকো চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ইফালে এই দুৰ্নীতিত নাম সাঙুৰ খোৱা ধুবুৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্ৰা মনচেৰ আলী মণ্ডলকো নিলম্বন কৰা হৈছে।