অসম

বটদ্ৰৱাৰ গাঁৱে গাঁৱে আৰম্ভ হ’ল ভেকচিনেশ্বনৰ ব্যৱস্থা

asomiyapratidin

বটদ্ৰৱাৰ গাঁৱে গাঁৱে আৰম্ভ হ'ল ভেকচিনেশ্বনৰ ব্যৱস্থা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনাৰ দ্বিতীয় ঢৌঁৱে সমগ্ৰ দেশত মৃত্যুৰ বিভিষিকা সৃষ্টিৰ কৰাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক কোভিড ভেকচিন দিয়াৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে কোশৱ মহন্তই ঘোষণা কৰিছিল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজক ভেকচিন প্ৰদান কৰাৰ স্বাৰ্থত আজিৰে পৰা আৰম্ভ হৈছে ভেকচিন কেম্প। বটদ্ৰৱাৰ গাঁৱে গাঁৱে গৈ ভেকচিন প্ৰদান আৰম্ভ কৰিছে স্বাস্থ্য বিভাগৰ বিশেষ দলে।

বৃহস্পতিবাৰে বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গ্ৰাম্য পুথিভঁড়ালৰ প্ৰাংগনত অঞ্চলটোৰ ৪৫ বছৰ উৰ্ধৰ শতাধিক ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰা হয়। ভেকচিনেশ্বনৰ লগতে কোভিড পৰীক্ষাও কৰাৰ ব্যৱস্থাও আছে এই কেম্পত। ইফালে বটদ্ৰৱা সমষ্টিৰ আইভেটি, হাতীচোং আদি অঞ্চলটো আজি গাঁৱে গাঁৱে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। কোৰোনাৰ পৰা সমগ্ৰ ৰাজ্যক ৰক্ষা কৰিবলৈ চৰকাৰে আৰম্ভ কৰা এই পদক্ষেপ শলাগ লৈছে এতিয়া সকলোৱে।