"মানুহৰ জন্মদিন পতাৰ দৰে কিতাপ উন্মোচনৰ দিনটোও পালন কৰিব লাগে..."

মাখিবাহাত তপন দত্তৰ গল্প সংকলন ‘পুষ্পক ৰথৰ শব্দ’ আৰু নাট্য সংকলন ‘আঁৰ কাপোৰ’ উন্মোচন

author-image
Asomiya Pratidin
New Update
"মানুহৰ জন্মদিন পতাৰ দৰে কিতাপ উন্মোচনৰ দিনটোও পালন কৰিব লাগে..."

ডিজিটেল সংবাদ, নলবাৰী : টিহু মহকুমাৰ মাখিবাহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে আয়োজিত পুথি উন্মোচনী সভাত মাখিবাহা নিৱাসী, অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়া তপন দত্তৰ গল্প সংকলন ‘পুষ্পক ৰথৰ শব্দ’ আৰু নাট্য সংকলন ‘আঁৰ কাপোৰ’ নামৰ দুখন পুথি বিশিষ্ট শিক্ষাব্ৰতী তথা প্ৰাক্তন সাংবাদিক মহেন্দ্ৰনাথ শৰ্মাই উন্মোচন কৰে ।

Advertisment

উন্মোচনী ভাষণত তেওঁ কয় যে সাহিত্য সংস্কৃতি মানৱৰ ধাৰক আৰু বাহক। অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত এই ধাৰাটোত বহু উত্থান পতন ঘটিছে যদিও শিপাৰপৰা বিচ্ছিন্ন সাহিত্যই কেতিয়াও স্থায়িত্ব লাভ কৰিব পৰা নাই । সাম্প্ৰতিক সময় অতি জটিল । এনে সন্ধিক্ষণতো এচাম নীৰৱ সাধকৰ নিৰলস প্ৰচেষ্টাত সাহিত্যৰ বোঁৱতী সুতি আজিও প্ৰৱহমান ।

উন্মোচকগৰাকীয়ে লগতে কয় যে প্ৰকৃত সাহিত্য সৃষ্টি কৰিবলৈ হ'লে মানুহ সহনশীল, সংবেদনশীল, সহিষ্ণু, হিতৈষী, অধ্যয়নশীল হোৱাৰ উপৰি মানৱীয় প্ৰমূল্যৰে উদ্বুদ্ধ হ’বই লাগিব । উন্মোচকগৰাকীৰ মৰমৰ লেখক তপন দত্ত সেইবোৰ গুণেৰে মণ্ডিত হোৱা বাবেই হয়তো সৃষ্টিশীল সাহিত্যৰে আমাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ফণীন্দ্ৰ নাথ দাসৰ পৌৰোহিত্যত হোৱা এই সভাখনত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কয় যে মানুহৰ জন্মদিন পতা এতিয়া এক উৎসৱলৈ ৰূপান্তৰ গৈছে । প্ৰতিগৰাকী লেখকে মানুহৰ জন্মদিন পতাৰদৰে কিতাপ উন্মোচনৰ দিনটোও পালন কৰিব লাগে । তেতিয়া পঢ়ুৱৈৰ জৰিয়তে উন্মোচিত কিতাপৰ আলোচনা–পৰ্যালোচনা কৰাৰ সুযোগ ল’ব পাৰি । এনেদৰে কিতাপক পঢ়ুৱৈৰ ওচৰলৈ লৈ যোৱাৰো এক প্ৰয়াস কৰিব পাৰি । তেতিয়া নিশ্চয় অসমীয়া লোকে কিতাপ নপঢ়া বদনামটো আঁতৰাব পৰা যাব । তেওঁ একোখন পুথি উন্মোচনে সমাজলৈ নতুন চেতনাৰ গংগা বোৱাই দিয়ে বুলিও দোহাৰে ।

সভাত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোপেন মজুমদাৰে নিৰ্দিষ্ট বক্তা আৰু মাখিবাহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া শিক্ষয়িত্ৰী ঊষা বৰ্মনে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । এই সভাখনত ভাৰতীয় দুৰসংযোগ বিভাগৰ অৱসৰীয়া কৰ্মচাৰী, অজিত শৰ্মা, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিৎ শৰ্মা, জলেশ্বৰ পাঠক, মাখিবাহা শাখা সাহিত্য সভাৰ সভাপতি হৰিশ্চন্দ্ৰ বৈশ্য, মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মা, বিশিষ্ট সংগীতশিল্পী ঘন শৰ্মা, অৱসৰীয়া প্ৰধান শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী মোহন বৰ্মন, মাখিবাহা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিপুল কুমাৰ ভট্টাচাৰ্য, সাহিত্যসেৱী মহেশ বৰ্মন, সুপ্ৰিয়া দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ।

নিজৰা শৰ্মা, দৰ্পনা কলিতা, সংগীতা ৰাজবংশী, বিপাঞ্চী বৰ্মন, ডিংকল বৰ্মনৰ কবিতা আবৃত্তি তথা কংকনা শৰ্মা আৰু নৱমল্লিকা দত্তৰ গীত পৰিৱেশনে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে । পুথি দুখনৰ লেখক তপন দত্তয়ো পুথি লিখাৰ আঁৰৰ বিষয়ে বিৱৰি কয় । অৱসৰীয়া শিক্ষক অপূৰ্ব ভট্টাচাৰ্য আৰু মাখিবাহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অপূৰ্ব শৰ্মাই প্ৰাৰম্ভতে বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

assam tihu