অসম

দেওবাৰে গ্ৰন্থমেলাৰ প্ৰাংগনত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিপনী 'আলাপ'ত অন্তৰংগ আলাপ আৰু ব্যতিক্ৰম বিষয়ক মত-বিনিময় অনুষ্ঠান যোৱা কেইদিনত অনুষ্ঠিত হৈ আহিছে। দেওবাৰ অৰ্থাৎ ১০ নবেম্বৰতো বিয়লি ৩ বজাত আলাপত আয়োজন কৰা হৈছে আন এক অন্তৰংগ আলাপ তথা মত-বিনিময় অনুষ্ঠান।

সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ তথা সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত হ'ব লগা এই অন্তৰংগ আলাপত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ছ'চিয়েল মিডিয়া, ডিজিটেল সংবাদমাধ্যম, ইলেক্ট্ৰনিক সংবাদমাধ্যম আৰু ছপা মাধ্যমৰ প্ৰতিনিধিয়ে অংশ ল'ব লগা এই অনুষ্ঠানত মত-বিনিময় কৰিব পাৰিব সকলোৱে।

সেয়েহে উত্তৰ-পূব গ্ৰন্থমেলাস্থলীত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ 'আলাপ' বিপনীত আয়োজিত এই অন্তৰংগ আলাপত অংশ ল'বলৈ লেখক, পাঠক, সাংবাদিক তথা নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ লগতে চিন্তাশীল মহলক অনুৰোধ জনোৱা হৈছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত অনুষ্ঠিত হ'ব এই বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান।