বঙাইগাঁও

বঙাইগাঁৱত ২নাৰী সৰবৰাকাৰী আটক

Asomiya Pratidin

ডিজটেল সংবাদ, বঙাইগাওঁঃ বঙাইগাওঁ জিলাত সক্ৰিয় নাৰীসৰবৰাকাৰী চক্ৰ ৷ যোগীঘোপাত আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে দুগৰাকী মহিলা। সোমবাৰে নিশাৰ ভাগত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত জিআৰপি আৰু যোগীঘোপা আৰক্ষীৰ তৎপৰতা কথমপি ৰক্ষা পৰে দুগৰাকী মহিলা । যোগীঘোপা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক উত্তম ৰয় নেতৃত্বত চলা এই অভিযানত দুই সৰবৰাহকাৰী আটক কৰে।

উদ্ধাৰ কৰা দুয়োগৰাকী মহিলাক জহিৰুদ্দিন পোদ্দাৰ নামৰ এজন ব্যক্তিয়ে হাৰিয়ানালৈ লৈ যোৱাৰ পৰিকল্পনাৰে বঙাইগাঁও ৰে’লৱে ষ্টেচনলৈ লৈ গৈছিল ৷ ষ্টেচনৰ পৰাই আৰক্ষীয়ে আটক কৰে জহিৰুদ্দিন পোদ্দাৰ নামৰ সৰবৰাহকাৰীটোক। নিশা জহিৰুদ্দিন পোদ্দাৰৰ স্বীকাৰ ভিত্তিত যোগীঘোপাৰ কনৰাবিলৰ আব্দুল ৰহিমক আটক কৰে। যোগীঘোপা আৰক্ষীয়ে আব্দুল ৰহিমক নিশা গুৱাহাটীৰ হাতীগাঁও পৰা আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে পূৰ্বেও আব্দুল ৰহিমে ৫০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল যোগীঘোপাৰ এগৰাকী মহিলাক।