অসম

বঙাইগাঁৱত আধুনিক পৰশুৰাম!

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ বঙাইগাঁৱৰ ধলাগাঁৱৰ ভাটিপাৰাত স্বামীয়ে হত্যা কৰিলে পত্নীক৷ স্বামী ডম্বুৰুধৰ নাথৰ কুঠাৰৰ ঘাপত পত্নী প্ৰণীতা নাথৰ মৃত্যু হয়৷

মঙলবাৰে পুৱা সংঘটিত হয় এই ঘটনা৷ ঘটনাক কেন্দ্ৰকৰি অঞ্চলযুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷ অৱশ্যে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল অদ্যপি জানিব পৰা হোৱা নাই।