অসম

বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁওবাসীৰ দীৰ্ঘদিনীয়া দাবীক বাস্তৱ ৰূপ দি বৃহস্পতিবাৰে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।

অসমক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত উচ্চ শিক্ষাৰ মূল কেন্দ্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে আগত লৈ স্থাপন কৰিবলগীয়া এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসমত কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো অংশগ্ৰহণ কৰে।

'গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ 'সবকা সাথ সবকা বিকাশ' নীতিৰে উদ্বুদ্ধ হৈ অসমৰ শৈক্ষিক ক্ষেত্ৰতো এক আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰা হৈছে।'-মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত এইদৰে উল্লেখ কৰে।

জেলকাঝাৰ, দেউৰীপাৰা, বৰ্ষণগাঁও, বাখৰাপাৰা আৰু মূলাগাঁও মহাবিদ্যালয়খনৰ সমীপৰ এই পাঁচখন গাঁৱৰ বাসিন্দাসকলক মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্যত অন্তঃকৰণেৰে সহায়-সহযোগিতা আগবঢ়াবলৈকো মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।