অসম

আদিবাসী ছাত্ৰ সন্থাৰ ১২ ঘণ্টীয়া অসম বন্ধ, শালবাৰীত টায়াৰ জ্বলাই বন্ধ সমৰ্থন

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত সোমবাৰে ৰাতিপুৱাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই৷

বন্ধৰ সমৰ্থকসকলে পুৱা বাক্সাৰ শালবাৰীৰ কুঠৰীঝাৰ আৰু শালবাৰী-মানাহ সংযোগী পথৰ আওঁহাটাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

বন্ধৰ সমৰ্থকসকলে ন' এছ টি ন' ৰেষ্ট, উই ওৱাণ্ট এছ টি, আমাক জনজাতিকৰণ লাগিবই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে৷