অসম

হোটেলত ভাতৰ পাতত বহোতেই পুলিচে আহি ধৰিলেহি দুৰ্ধৰ্ষ গাড়ী চোৰক…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে নিশা প্ৰায় ৯.৩০বজাত আৰক্ষীয়ে দুখন গাড়ীসহ এটা বৃহৎ গাড়ী চোৰ চক্ৰক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী মতে ৮ জনীয়া চোৰৰ দলটোৱে এখন নতুন ৱেগ'নাৰ আৰু এখন ব'লেৰো চুৰি কৰি আনি বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ নৰ্থ ইষ্ট হোটেলত ভাত খাবলৈ সোমাওঁতেই গোপন সূত্ৰৰ পম খেদি বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৮ জনীয়া গাড়ী চোৰৰ দলটোত চৰৰ পৰা আৰম্ভ কৰি ৰঙিয়া পৰ্যন্ত ঠাইৰ লোক আছে বুলি জনাইছে। লগতে চোৰৰ দলটোৱে কেৱল যে গাড়ী চুৰ কৰে তেনে নহয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে দাবী কৰি বিভিন্ন ঠাইত এই দলটোৱে ডকাইত পৰ্যন্ত কৰি আহিছে বুলি দাবী কৰে। অধিক তথ্য আৰু চোৰৰ দলটোৰ প্ৰকৃত পৰিচয়ৰ বাবে নিশা সোধ-পোছ কৰিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জনায়।