অসম

বকোৰ দুই শিপিনীৰ ১৪ বছৰীয়া যাত্ৰা স্থবিৰ কৰিছে কোৰোনাইঃ প্ৰায় ৫ লাখ টকাৰ কাপোৰ ঘৰত জমা হৈ আছে

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ অসমৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে । সেই সত্য প্ৰমাণ কৰিছে কামৰূপ জিলাৰ বকোৰ দুগৰাকী শিপিনীয়ে ।৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ বীনাপাণী মেধী আৰু সাবিত্ৰী মেধীয়ে ঘৰতে মেচিন শাল বহুৱাই ২০০৭ বৰ্ষৰ পৰা কাপোৰ বয়।সম্পৰ্কত দুয়ো বাই-ভনী ।

দুয়ো একেলগে বিহুৱান,গামোচা,মেখেলা-চাদৰ,মুগা ৰিহা, চেলেং চাদৰ, ৰিহা চদৰ,,গুথা চাদৰ, পাজাৰ, আৰণাই আদি বয় আৰু সেই কাপোৰ বোৰ বিক্ৰী কৰে ।শিপিনী বীনাপাণী মেধীয়ে জানিবলৈ দিয়ামতে তেওঁ কাপোৰ বোৱাৰ প্ৰশিক্ষণ লৈছিল কাঁহিকুছিৰ অসম কৃষি বিশ্ববিদ্যালয়ত ।পোন্ধৰ দিনীয়া প্ৰশিক্ষণ লাভ কৰি ইখনৰ পিছত সিখন কাপোৰ বৈ গৈছে । বায়েক বীনাপাণী মেধীৰ পিছে পিছে ভনীয়েক সাবিত্ৰী মেধীও এগৰাকী দক্ষ শিপিনীহৈ উঠিছে ।

সৰুৰেপৰাই অৱশ্যে শিপিনী দুগৰাকীয়ে ঘৰত থকা তাঁত শালত কাপোৰ ব'বলৈ শিকিছিল । মাতৃ প্ৰয়াত সুশীলা মেধীৰ কাপোৰ বোৱা দেখি ঘৰৰ তাঁতশালখনতে কাপোৰ বোৱা আৰম্ভ কৰে । মাতৃ এগৰাকী দক্ষ শিপিনী হোৱাৰ লগতে সুন্দৰকৈ কপোৰ চিলাই মেচিনত চিলাবও পাৰিছিল । মাক সুশীলা মেধীৰ দৰে দুয়োগৰাকী জীয়ৰীয়ে চিলাই কামত পাৰ্গত। শিপিনী দুগৰাকী বোৱা কাপোৰ বকোৰ বিধায়িকা নন্দিতা দাস, কংগ্ৰেছী নেত্ৰী দীপিকা তালুকদাৰ , পঞ্চায়ত সভানেত্ৰী দিপালী ৰাভা , ঘৰৰ আশে-পাশে থকা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালকে ধৰি বিভিন্ন লোকে ব্যৱহাৰ কৰে ।

শিপিনী দুগৰাকীয়ে বোৱা কাপোৰ গুৱাহাটী, নলবাৰী আদিৰ বিভিন্ন বস্ত্ৰ উৎসৱত বিক্ৰী হয়। আনকি বকোৰ বহু কেইগৰাকী এজেণ্টে শিপিনী দুগৰাকীয়ে বোৱা কাপোৰ ৰেহাই মূল্যত ক্ৰয় কৰি আন আন ঠাইত বিক্ৰী কৰে ।বকোৰ শিপিনী দুগৰাকীয়ে অৱশ্যে অধিক সংখ্যক কাপোৰ অৰ্ডাৰ অনুযায়ীহে বয় । শেহতীয়াকৈ শিপিনী বীনাপাণী মেধী আৰু সাবিত্ৰী মেধীৰ কাপোৰ বোৱা কামত যেন কিছু স্থবিৰ হৈ পৰিছে ।

কোৰোণাৰ বাবে যোৱা প্ৰায় দুটা বছৰে বোৱা কাপোৰ বিক্ৰী কৰিব পৰা নাই । কমেও পাঁচলাখ টকা মূল্যৰ কাপোৰ শিপিনী দুগৰাকীৰ ঘৰত জমাহৈ আছে ।ভাল দিনৰ অপেক্ষাত আছে দুয়োগৰাকী শিপিনী। শিপিনী সাবিত্ৰী মেধীৰ মতে কাপোৰখন সুন্দৰকৈ বৈ সেই কাপোৰ ফুল তুলি উলিয়াই যি আনন্দ লাভ কৰা যায় সেয়াই এগৰাকী শিপিনীৰ প্ৰকৃত আনন্দ ।