অসম

বামুনীগাঁৱত ১০টা শগুণৰ বিষক্ৰিয়াৰ ফলত মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বামুনীগাঁৱত শুকুৰবাৰে ১০টাকৈ শগুণৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ছয়গাওঁ থানাৰ অন্তৰ্গত বামুনীগাঁৱৰ ফাৰ্মহাউছৰ পাছফালে থকা খেতিপথাৰত ১০টাকৈ শগুণ মৰি পৰি থকা দেখি স্থানীয় ৰাইজে ওচৰৰ বনবিভাগৰ বামুনীগাওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত জনায়।

বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে মৃত শগুণ কেইটা সেই স্থানৰ পৰা বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ আনে । আনহাতে, এটা অসুস্থ শগুণ বনবিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৰাণী গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। বনবিভাগে সদৰি কৰা মতে বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হৈছে।

বনবিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দাবী কৰা মতে বামুনীগাঁও ফাৰ্ম হাউছৰ পাছফালে থকা গাঁওবোৰত কুকুৰৰ উপদ্ৰৱ বাঢ়িছে ।গাঁওবোৰত বসবাস কৰা পৰিয়ালবোৰৰ পোহনীয়া গৰু-ছাগলী কুকুৰে কামুৰি আহত কৰাৰ উপৰিও মাৰি পৰ্যন্ত পেলায়। এই কুকুৰবোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে মৰা গৰু-ছাগলীৰ দেহত বিষ ঢালি দি থওঁতে সেই মৰা গৰু-ছাগলীবোৰক শগুণে খোৱাৰ ফলত এনেদৰে শগুণৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে ।