অসম

বকোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকলৈ উত্তেজনা,প্ৰধান শিক্ষকৰ ঘৰ ঘেৰাও ছাত্ৰ ছাত্ৰীৰ…

asomiyapratidin

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত শনিবাৰে একাংশ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে ।ঘটানাৰ বিৱৰণী মতে বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকৰ ফলাফল বিসঙ্গতি হোৱাৰ অভিযোগ তুলি বিদ্যালয়খনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে প্লেকাৰ্ড হাতে হাতে লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গান দি বকোৰ পৰিৱেশ উত্তাল কৰি তোলে ।

কিন্তু কাৰ্যালয়টোত সেই সময়ত প্ৰধান শিক্ষক গৰাকী নথকাত শিক্ষাৰ্থী সকলে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো থানাৰ সন্মুখেৰে গৈ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ ডাকুৱাপাৰা গাঁৱৰ ঘৰ পৰ্যন্ত ঘেৰাও কৰে । প্ৰধান শিক্ষকগৰাকীৰ ঘৰৰ পৰিয়ালে তেওঁ ঘৰত নথকা বুলি জনোৱাত শিক্ষাৰ্থী সকলে বিফল মনেৰে নিজ নিজ ঘৰলৈ ঘূৰি যাৱলৈ বাধ্য হয় ।

 শিক্ষাৰ্থী সকলে অভিযোগ কৰা মতে তেওঁলোকে বিভিন্ন পৰীক্ষাৰ মূল্যায়নত ভাল নম্বৰ পোৱা স্বত্বেও কেৱল প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ স্বজন প্ৰীতিৰ বাবে ফলাফল বেয়া হ'ল।লগতে প্ৰথমতে শিক্ষা বিভাগে ফলাফলত কোনোধৰণৰ প্ৰথম বিভাগ , দ্বিতীয় বিভাগ আদিৰ শ্ৰেণী বিভাজন নাথাকিব বুলি ঘোষণা কৰি ফলাফলত ডিষ্টিংশ্চন , ষ্টাৰ নম্বৰ পৰ্যন্ত ঘোষণা কৰি শ্ৰেণী বিভাজন কৰা কাৰ্যত  প্ৰতিবাদী শিক্ষাৰ্থী সকলে ক্ষোভ প্ৰকাশ কৰে ।

 আনকি শিক্ষাৰ্থী সকলে তেওঁলোকৰ নম্বৰৰ তালিকা দিয়া নাই বুলিও অভিযোগ কৰে । উল্লেখযোগ্য যে কালিও একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকে বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে একাংশ শিক্ষাৰ্থীৰ ফলফলত বিসঙ্গতি কৰা বুলি অভিযোগ তুলি বিদ্যালয়খনত তীব্ৰ প্ৰতিবাদ জনাইছিল ।