অসম

বকোৰ সোণতলী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সংবাদমেল, অধ্যক্ষৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ত বিভিন্ন বিত্তীয় খেলিমেলিৰ লগতে আভ্যন্তৰিণ অন্তঃকন্দলৰ ফলত মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱা বুলি পৰিচালনা সমিতিয়ে দেওবাৰে এখন সংবাদমেলত প্ৰকাশ কৰে৷ সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক নৌশাদ আলী আহমেদ আৰু পৰিচালনা সমিতিৰ সভাপতি নুৰুল আমিন ভূঞাই দেওবাৰে মহাবিদ্যালয়ত এখন সংবাদমেল আয়জন কৰে।

তেওঁ কয় যে, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আবুল কালাম আজাদে বিগত ৩৩টা বছৰ ধৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা প্ৰতি বছৰে আলোচনীৰ বাবদ ধন সংগ্ৰহ কৰি আহিছে যদিও আজিলৈকে আলোচনী প্ৰকাশ কৰা নহ'ল৷ আলোচনী বাবদ সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনখিনি অধ্যক্ষই আত্মসাৎ কৰা বুলি প্ৰকাশ কৰে৷

ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আবুল কালাম আজাদ বিগত ২০১৪ৰ পৰা ১৬ চনলৈ চৰকাৰী নির্দেশনাক কার্যকৰি নকৰি নিজেই বিত্ত বিভাগৰ দায়িত্ব চলাই আহিছে৷ মহাবিদ্যালয়ৰ ডি ডি অ'ৰ দায়িত্বভাৰ ৩ মাহৰ মূৰে মূৰে বৃদ্ধি কৰাৰ লগতে উন্নয়নৰ যাৱতীয় কাম ডি ডি অ'ই পৰিচালনা কৰিব লাগে বুলি পৰিচালনা সমিতিয়ে লােৱা প্ৰস্তাৱৰ কোনাে কার্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে অধ্যক্ষগৰাকীয়ে।

ইফালে পৰিচালনা সমিতিয়ে হিচাপ পৰীক্ষক বাছনি কৰাৰ পিচতো অধ্যক্ষই নিজৰ ব্যক্তিগত স্বাৰ্থ আগত ৰাখি কলেজৰ আভ্যন্তৰিণ কোনো হিচাপ আজিলৈকে দাখিল কৰা নাই৷ আনকি পূৰ্বৰ হিচাপ পৰীক্ষকৰাে প্রতিবেদন কার্যকৰী কৰা নাই৷ চৰকাৰৰ এম এছ ডি পি আৰু ইউ জি চি আঁচনিৰ কামৰ দায়িত্ব ডি ডি অ'ক দিয়াৰ পিচতাে তাক অধ্যক্ষই কার্যকৰী নকৰি পৰিচালনা সমিতি আৰু নির্মাণ কমিটিক অন্ধকাৰত ৰাখি নিজ খেয়ালখুঁচিমতে চলাই আহিছে৷