অসম

সমাজকল্যাণ বিভাগৰ আশ্ৰয় গৃহৰ পৰা পলাল ৬ কিশোৰ, বকো থানাত এজাহাৰ দাখিল…

asomiyapratidin

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলা বনগাঁৱৰ সমাজ কল্যাণ বিভাগৰ আশ্ৰয় গৃহৰ পৰা ছয়গৰাকী কিশোৰ পলাই যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত বনগাঁৱত থকা সমাজ কল্যাণ বিভাগৰ আশ্ৰয় গৃহৰ পৰা যোৱা সন্ধিয়া ছয়গৰাকীকৈ কিশোৰ পলাই যায় ।ঘটনা সন্দৰ্ভত আজি আশ্ৰয়গৃহৰ আধীক্ষক ৰুবুল শৰ্মাই বকো থানাত এজাহাৰ দাখিল কৰিছে।

জানিব পৰা মতে অধীক্ষকগৰাকীয়ে আশ্ৰয় গৃহৰ পৰা যোৱা সন্ধিয়া প্ৰায় ৬বজাত পকীবেৰ পাৰহৈ কিশোৰ কেইগৰাকীয়ে পলাই যায়। অভিযোগ মতে আশ্ৰয় গৃহটোৰ পৰা সঘনে কিশোৰ পলাই যায় । যিবোৰ কিশোৰক পৰিযাল নতুবা আৰক্ষীয়ে সন্ধান পোৱা নাই ।

আশ্ৰয়গৃহটোৰ অধীক্ষককে ধৰি অইন অইন বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবেই এনেদৰে বহু কিশোৰে আশ্ৰয়গৃহ এৰি পলাই যোৱা বুলিও অভিযোগ উঠিছে । সমাজ কল্যাণ বিভাগে আশ্ৰয়গৃহত থকা কিশোৰ-কিশোৰীক সময়মতে উপযুক্ত খাদ্য যোগান নধৰাকে ধৰি অইন অইন সা-সুবিধা নিদিয়াৰ বাবে এনেদৰে সঘনে পলাই যায় বুলি জানিবপৰা গৈছে ।

তাৎপৰ্যপূৰ্ণ কথা হ'ল যে যোৱা সন্ধিয়া আশ্ৰয়গৃহ এৰি পলাই যোৱা ঘটনাৰ সন্দৰ্ভত আজি বিয়লি প্ৰায় ৫ বজতহে অধীক্ষকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে । উল্লেখযোগ্য যে বনগাঁৱ সমাজকল্যাণ বিভাগৰ আশ্ৰয়গৃহত বিভিন্ন অপৰাধত অভিযুক্ত কিশোৰ-কিশোৰীক আইনী প্ৰক্ৰিয়াৰে আশ্ৰয় দিয়া হয় । আশ্ৰয়গৃহ এৰি এনেদৰে পলাই যোৱা কিশোৰে সমাজত অপৰাধমূলক কাম কৰিব বুলিও ৰাইজে আতংকিত হৈছে ।