অসম

বকোৰ ছমৰীয়াত কোভিড বিধি মানি এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ পালন…

asomiyapratidin

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নতুন ছমৰীয়া প্ৰাথমিক বিদ্যালয় খেল পথাৰত যোৱা পুহ মাহৰ ২৯ তাৰিখ ১৪ জানুৱাৰী শুক্ৰবাৰে ছমৰীয়া সত্ৰৰ এক ব্যতিক্ৰমী অনুষ্ঠান ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ভোগৰ উৎসৱ "ভোগালী উৎসৱ"টি পালন কৰা হয়।এই উৎসৱটি উদযাপনৰ বাবে এইবেলি ছমৰীয়া সত্ৰৰ উদীয়মান যুৱক তথা সাংবাদিক প্ৰীতম বায়নক সভাপতি আৰু ভাস্কৰ কলিতাক সম্পাদক হিচাপে লৈ এখনি ভোগালী উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছিল।

যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে ভোগালী উৎসৱৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মেজি প্ৰজ্বলন কৰা হয়।এই মেজি প্ৰজ্বলন কৰে গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱিকা অৰ্পনা হাজৰিকাই।ইয়াৰ পিছতে পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰনৰ খেল ধেমালি প্ৰতিযোগিতা,আবেলি সাংস্কৃতিক সন্ধিয়াত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা,আধুনিক নৃত্য প্ৰতিযোগিতা,স্থানীয় শিল্পী সকলৰ সংগীতানুষ্ঠানৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ অনুমতি পত্ৰৰ সময় অনুসৰি সন্ধিয়া ৭ বজাৰ লগে লগে এইবৰ্ষৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষন অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী কাশ্যপে সংগীতানুষ্ঠান আৰম্ভ কৰি নিশা ৮ বজাৰ লগে লগে তেওঁৰ সংগীতানুষ্ঠান সামৰণি পৰে।

এই উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ সকলো কাৰ্যসূচীতে বৃহত্তৰ ছমৰীয়া অঞ্চলৰ শ শ ৰাইজ প্ৰচণ্ড শীতৰ প্ৰকোপক নেওচি আৰু কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ পি অনুসৰি মুখত মাস্ক পৰিধান কৰি ওলাই অহা পৰিলক্ষিত হয়।