অসম

বকো সাহিত্য সভাৰ ৬২ সংখ্যক বাৰ্ষিক পূৰ্নাঙ্গ অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,ছমৰীয়া: অসম সাহিত্য সভাৰ অন্যতম শাখা বকো সাহিত্য সভাৰ ৬২ সংখ্যক বাৰ্ষিক পূৰ্নাঙ্গ অধিৱেশন দেওবাৰে এদিনীয়া দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অধিৱেশনৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে বকো সাহিত্য সভাৰ সভাপতি সুৰেন চন্দ্ৰ কলিতাই।

স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত শৰ্মাই।ইয়াৰ পিছতে আয়োজিত বকো সাহিত্য সভাৰ সাধাৰন সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা।মুকলি সভাত অসম সাহিত্য সভাৰ বাৰ্ষিক পুস্তিকা 'কুঁহি' আৰু শিক্ষাবিদ ড° গনেশ্বৰ চহৰীয়াৰ 'সাধনাৰ ৰূপৰেখা' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।

মুকলি সভাত শিক্ষাবিদ ড° গনেশ্বৰ চহৰীয়া,সোনতলী শাখা সাহিত্য সভাৰ সভাপতি ম: চামচুল আলম ভূঞা,জলজলী শাখা সাহিত্য সভাৰ সভাপতি ম: আলাউদ্দিন আল আমিনকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: হিমাচলত কংগ্ৰেছৰ চৰকাৰ, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুখবিন্দৰ সিং সুখুয়ে...