অসম

বকোত পথ দুৰ্ঘটনাঃ চালকসহ তিনিজন গুৰুত্বৰভাৱে আহত…

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে হোৱা এক পথ দুৰ্ঘটনাৰ ফলত চালকসহ তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হয় । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ডাকুৱাপাৰা গাঁৱত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা এএচ-১৭/চি-৩৩৫৮ নম্বৰৰ ডিআই গাড়ীখনে পথৰ দাঁতিত থকা বৈদ্যুতিক খুটা এটাত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে খুন্দা মাৰে ।

ফলত গাড়ীখনৰ চালক আজিজুৰ ৰহমান আৰু গাড়ীখনৰ আন দুগৰাকী শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় । চালকসহ তিনিওকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে বিধ্বস্ত হোৱা গাড়ীখন বকো আৰক্ষীয়ে দুৰ্ঘটনাস্হলীৰ পৰা বকো আৰক্ষী থানালৈ নিছে ।