অসম

বকোত পথ দুৰ্ঘটনা : থিতাতে মটৰ চাইকেল আৰোহীৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত শনিবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাৰ ফলত এজন লোকৰ থিতাতে মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰৰ সন্মুখত নিশা প্ৰায়১১ বজাত১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দিলিঙ্গাগাঁৱৰ চন্দন দাস (৩০)নামৰ লোক এগৰাকী মটৰ চাইকেলেৰে ঘৰলৈ ঘূৰি আহি থাকোতে এল্ট' গাড়ী এখনে তীব্ৰ বেগেৰে খুন্দা মাৰে। ফলত চন্দন দাসৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বকো আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিতহৈ চন্দন দাসৰ মৃতদেহ আৰু মটৰ চাইকেলখন বকো থানালৈ আনে। দেওবাৰে পুৱা মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰিয়েই এল্ট' গাড়ীখন পলাই পত্ৰং দিয়ে।