অসম

বকোৰ খৰখৰী নদীত উপঙিছে মাছঃ উদ্যোগৰ বিষাক্ত দ্ৰব্যৰ বাবে এনে হোৱাৰ আশংকা…

asomiyapratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলা বকোত খৰখৰী নদীত মাছ মৰি উপঙি উঠা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ত্ৰিলোচনগাঁৱত খৰখৰী নদীৰ পানীত বৃহস্পতিবাৰে নৈখনৰ পুঠি,খলিহনা, দৰিকনা, গৰৈ, শিঙি আদি মাছ মৰি ওপঙি থকা দেখি নৈখনৰ আশে-পাশে বসবাস কৰা ৰাইজে মাছ ধৰিবলৈ পানীত নামে ।

নৈখনত এনেদৰে হঠাতে মাছ মৰি উপঙি উঠাৰ কাৰণ হিচাপে একাংশ সচেতন লোকে ২নং জামবাৰী গাঁৱত থকা ব্ৰহ্মপুত্ৰ বায়'কেমি প্ৰা: লিমিটেড নামৰ উদ্যোগটোৰ পৰা নৈখনেৰে বৈ অহা বিষাক্ত দ্ৰব্যৰ বাবে হোৱা বুলি আশংকা প্ৰকাশ কৰিছে ।