অসম

বকোত কেইবাদিন ধৰি নিৰুদ্দেশ ছাত্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোৰ নতুন দেউচৰ গাঁৱৰ দুৰ্গা বিশ্বাস নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ৷ যুৱতী গৰাকীৰ পিতৃ আনন্দ বিশ্বাসে জনোৱা মতে সেই দিনা তেওঁ আৰু তেওঁৰ পত্নীয়ে পথাৰলৈ কাম কৰিবলৈ গৈছিল। দিনৰ প্ৰায় ২ বজাত জীয়েক দুৰ্গা বিশ্বাসে তাইৰ সৰু ভনীয়েকক দৰ্জিক কাপোৰ চিলোৱাৰ বিনিময়ত পইচা দিবলৈ যাম বুলি কৈ তিনিআলী চ'কলৈ ওলাই যায়।

তাৰ পিচৰ পৰাই যুৱতী গৰাকীৰ আজিলৈকে কোনো সন্ধান নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খা-খবৰ লৈয়ো আজিলৈকে যুৱতী গৰাকীৰ কোনো খবৰ পোৱা নাই। আনহাতে ঘটনাৰ পিচদিনাই পৰিয়ালৰ লোকে বকো আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

বকো আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়েও যুৱতী গৰাকীৰ আজিলৈকো কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে যুৱতী গৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৩-৬০৭৮৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীৰ্ণ হোৱা যুৱতী গৰাকীয়ে লগত কোনো সামগ্ৰী তথা ম'বাইল লগত লৈ যোৱা নাছিল।