অসম

বকোৰ বিধায়িকা নন্দিতা দাসৰ দূৰ্নীতিত বিতুষ্ট হৈ কংগ্ৰেছী নেত্ৰীৰ দল ত্যাগ, অগপত কৰিলে যোগদান…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে এগৰাকী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কংগ্ৰেছ দলৰ নেত্ৰীয়ে দল ত্যাগ কৰি আঞ্চলিক দল অসম গণ পৰিষদত যোগদান কৰা ঘটনাই কংগ্ৰেছী মহলত তীব্ৰ ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি ৪৮ নং বকো বিধান সভা সমষ্টিৰ ৪৬নং ৰঙাপানীগাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা জয় লাভ কৰা ১নং ৱাৰ্ডৰ সদস্যা নুৰেজা বেগমে আজি অসম গণ পৰিষদ দলৰ কামৰূপ জিলাৰ সভাপতি তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসৰ বাসগৃহত আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰে।

অসম গণ পৰিষদ দলত যোগদান কৰা নুৰেজা বেগমক অসম গণ পৰিষদ দলৰ সভাপতি তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে গামোচাৰে আদৰণি জনায়। নুৰেজা বেগমে বকোৰ বিধায়িকা নন্দিতা দাসৰ দূৰ্নীতিত বিতুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰা বুলি সদৰী কৰে ।এই আনুষ্ঠানিকতাৰ সময়ত বকো বিধান পৰিষদৰ সভাপতি পৰাণজ্যোতি দাস , সাধাৰণ সম্পাদকদ্বয় জগত চন্দ্ৰ দাস, ৰজিত বড়ো, সহকাৰী সম্পাদক কৃষ্ণ কান্ত কলিতা, ৰঙাপানী শক্তি পৰিষদৰ সভাপতি-সম্পাদকৰ উপৰিও আঞ্চলিক ৰাজনৈতিক দলটোৰ একাংশ নেতা-কৰ্মী উপস্থিত থাকে।