অসম

বকোৰ ২ নং যোগীপাৰা লাল বাহাদুৰ শাস্ত্ৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ…

asomiyapratidin

ডিজিটেল সংবাদ, ছমৰীয়াঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ উচ্চ শিক্ষাৰ বিদ্যালয় ২ নং যোগীপাৰা লাল বাহাদুৰ শাস্ত্ৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অতিক্ৰম কৰিলে ৫০টি বসন্ত। বিদ্যালয়খনে ৫০ টি বসন্ত অতিক্ৰম কৰাৰ বাবে সোণালী জয়ন্তীৰ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।সোমবাৰে বিদ্যালয় প্ৰাঙ্গনত সোণালী জয়ন্তী উদযাপনৰ এক শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

আজি পুৱাৰে পৰা শুভাৰম্ভণী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সোণালী জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। ইয়াৰ পিছতে সোনালী জয়ন্তী উদযাপনৰ লাইখুটা স্থাপন কৰে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে। উল্লেখ্য যে, সোণালী জয়ন্তী উপলক্ষে এটি গছপুলি ৰোপন কৰে কামৰূপ গ্ৰাম্যৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।

আজিৰ আটাইবোৰ কাৰ্যসূচীতে বৃহত্তৰ বকো অঞ্চলৰ বহুতো জ্যেষ্ঠ শিক্ষক, সমাজকৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকি উদযাপন সমিতিক উৎসাহ যোগায়। প্ৰাপ্ত তথ্য মতে, শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে এখন ফুটবল খেলৰো আয়োজন কৰে। অহা ১, ২, ৩ জানুৱাৰীত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব লগা সোণালী জয়ন্তীৰ সমূহ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে বিদ্যালয় খনৰ অধ্যক্ষ চৈয়দ আহমেদ দেৱে।