অসম

বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত ডেকাপাৰাত ৫১২ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি…

asomiyapratidin

ডিজিটেল সংবাদ, ছমৰীয়া: ভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ সৌৰ্য্য বিৰ্য্যৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায়ৰ এইবেলি ৫১২ সংখ্যক আবিৰ্ভাৱ তিথি বিগত বছৰবোৰৰ দৰে এই বৰ্ষও উদযাপনৰ প্ৰস্তুতি চলিছে।বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু ডেকাপাৰা কোচ ৰাজবংশী গঞা ৰাইজৰ সহযোগত আয়োজনৰ বাবে ইতিমধ্যে এখন বৃহৎ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। উল্লেখ্য যে, আগন্তুক ৫১২ সংখ্যক বৰ্ষৰ চিলাৰায়ৰ জন্মজয়ন্তী মহোৎসৱ পৰিচালনাৰ বাবে ডেকাপাৰা গাঁৱৰ জ্যেষ্ঠ কোচ জ্ঞাতি তথা সমাজ কৰ্মী অতুল দাসক সভাপতি, কেশৱ দাসক কাৰ্য্যকৰী সভাপতি, পৰমা পাটোৱাৰী, গিৰিশ দাস আৰু ধীৰেন দাসক উপ সভাপতি আৰু অনন্ত পাটোৱাৰীক সাধাৰণ সম্পাদক লগতে জনাৰ্দন দাস আৰু বিদ্যুৎ দাসৰ লগতে কেৱাজনো সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে অভ্যৰ্থনা সমিতি খন।

ইফালে, পবিত্ৰ চৌধুৰীক বিত্ত বিভাগ, ধীৰাজ পাটোৱাৰীক পোহৰ-শব্দ-ৰভা বিভাগ, বিনয় পাটোৱাৰীক সাংস্কৃতিক বিভাগ লগতে হিতেশ পাটোৱাৰীক স্মৃতিগ্ৰন্থ বিভাগৰ মুৰব্বী হিছাপে দায়িত্ব দি গঠন কৰা হৈছে বহু কেইখন উপ সমিতি। বকোৰ ডেকাপাৰাত অহা মাঘী পূৰ্ণিমাত ৩ ফাগুন অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস আয়োজনৰ বাবে আজি আহ্বান কৰে ৰাজহুৱা সাধাৰণ সভা আৰু বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা। সম্পাদক বিপুল তালুকদাৰে আত ধৰা সভাত পৌৰহিত্ব কৰে সভাপতি বিষ্ণু ৰাম দাসে।

সভাত ডেকাপাৰা ৰাইজ গয়ৰহৰ জ্যেষ্ঠ পুৰুষ আই মাতৃ সমাজ আৰু বহু সংখ্যক যুৱকে অংশগ্ৰহণ কৰা সভাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক অনুপম দাস, উপদেষ্টা মিলন কুমাৰ দাস, বকো আঞ্চলিকৰ কাৰ্য্যকৰী সভাপতি ব্ৰজেন দাস, উপ সভাপতি অনাদী পাটোৱাৰী, দেৱানন্দ দাস, নৃপেন তালুকদাৰ আদিকে ধৰি বহু কেইজন আৰু সন্মিলনীৰ কেৱাখনো প্ৰাথমিক গোটৰ বিষয় ববীয়া উপস্থিত থাকে। সভাত জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশৰ ওপৰত আলোকপাত কৰা আৰু অনুসুচীত জনজাতিৰ মৰ্য্যদা পোৱাৰ সমস্যা সমূহো পৰ্য্যালোচনা কৰে।