অনুমতি অবিহনে বালি সৰবৰাহঃ ডাম্পাৰ জব্দ…

অনুমতি অবিহনে বালি সৰবৰাহঃ ডাম্পাৰ জব্দ…

author-image
asomiyapratidin
New Update
অনুমতি অবিহনে বালি সৰবৰাহঃ ডাম্পাৰ জব্দ…

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত দেওবাৰে নিশা এখন বালি সৰবৰাহ কৰা ডাম্পাৰ এখন জব্দ কৰিছে। ঘটনাৰ বিৱৰণী মতে দেওবাৰে নিশা প্ৰায় ১০ বজাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ এছ ০১ এইচ চি ৩২৯ নম্বৰৰ ডাম্পাৰখনে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে বালি কঢ়িয়াই আনিছিল।

Advertisment

সেই সময়তে বকোত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ডাম্পাৰখন জব্দ কৰে । বনবিভাগে দাবী কৰা মতে ডাম্পাৰখনৰ বালিসৰবৰাহ কৰা কোনো ধৰণৰ বিভাগীয় অনুমতি পত্ৰ নাই । পলাশবাৰী মিৰ্জাৰ অংকুৰ বৰাৰ ডাম্পাৰখন সম্প্ৰতি বনবিভাগে জব্দ কৰি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ৰাখিছে ।