অসম

বকোত উপ-স্বাস্থ্য কেন্দ্ৰৰ চৌহদ বেৰ শুভ উদ্বোধন…

asomiyapratidin

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত শুকুৰবাৰে উপ-স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত চৌহদ বেৰৰ শুভ উদ্বোধন কৰে ।বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত গামেৰীমূৰা উপ-স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বেৰখন শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন‌ আৰ মাৰাকে।

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গামেৰীমূৰা উপ স্বাস্থ্য কেন্দ্ৰৰ চৌহদ বেৰৰ শুভ উদ্বোধন কৰাৰ লগতে চিকিৎসালয়খনৰ অভাৱ অভিযোগসমূহৰ বুজ লয়।

উক্ত শুভ উদ্বোধনী অনুষ্ঠানত আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসুচী দাবী সমিতি,গামেৰীমূৰা আঞ্চলিক বজাৰ উন্নয়ন কমিটি,৭৫ নং দক্ষিণ লুকী গাওঁ পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷