boko notice
boko notice 
অসম

বকোত বন বিভাগৰ ভূমি বেদখল মুক্ত কৰিবলৈ জননী প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শুকুৰবাৰে বনবিভাগৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে বন বিভাগে জাননী দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গিজাং বনাঞ্চলৰ ভূমি বেদখল হোৱা বুলি জাননী দিছে ।

বিভাগটোৱে পুখুৰীপাৰা গাঁৱৰ সমীপত লাগি থকা গিজাং বনাঞ্চলৰ জংঘলত ১০ দিনৰ ভিতৰত বন বিভাগৰ ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ পোষ্টাৰ-বেনাৰ পৰ্যন্ত আঁৰি দিছে । ফলত গিজাং বনাঞ্চলত বসবাস কৰাৰ লগতে বনাঞ্চলত বিভিন্ন খেতি কৰা খেতিয়কসকলৰ টোপনি নোহোৱা হৈছে ।

বনবিভাগে আঁৰি দিয়া পোষ্টৰ-বেনাৰত গিজাং বনাঞ্চলত মুঠ মাটিকালিৰ পৰিমাণ আৰু কিমান পৰিমাণৰ মাটি বেদখল হৈছে সেই তথ্য উল্লেখ কৰা নাই । উল্লেখযোগ্য যে কিছুদিন আগতে বন বিভাগৰ বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ দল এটাই গিজাং বনাঞ্চলত বেদখল কৰি কৰা ৰবৰ খেতিৰ প্ৰায় তিনিশ জোপা ৰবৰ গছ কাটি পেলোৱা বুলি জানিব পৰা গৈছে ।