অসম

বকোৰ মহিমাৰীত বামুনীগাওঁ বন সুৰক্ষা বাহিনী আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলত অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, ছমৰীয়া: পশ্চিম কামৰূপ বন সংমণ্ডলৰ নবনিযুক্ত বন সংমণ্ডল বিষয়া ডিম্পী বৰাই যোগদান কৰাৰ পিছতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিভিন্ন এলেকাত অবৈধ কাঠ মিল, অবৈধ বালি আৰু চোৰাং কাঠৰ বিৰুদ্ধে প্ৰতিদিনে চলাই আহিছে মাৰাথান অভিযান। আজিও পশ্চিম কামৰূপ বন সংমণ্ডলৰ নৱনিযুক্ত বন সংমণ্ডল বিষয়া ডিম্পী বৰাৰ গোপন খবৰৰ ভিত্তিত আজি বকোৰ মহিমাৰীত বামুনীগাওঁ বন সুৰক্ষা বাহিনী আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলৰ এদল বন কৰ্মীৰ সহযোগত অবৈধ কাঠ মিলৰ বিৰুদ্ধে অভিযান চলায়।

উল্লেখযোগ্য যে, এই অভিযানত মহিমাৰীৰ আফজালুৰ ৰহমান নামৰ এজন লোকৰ ঘৰৰ পৰা এটা অবৈধ কাঠ মিল আৰু এটা জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই অভিযানকালত প্ৰায় ১৫,০০০ টকাৰ মূল্যৰ শাল কাঠ ও জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এই অভিযানকালত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, ইতিমধ্যে জব্দকৃত কাঠফলা মেচিন,জেনেৰেটৰ আৰু শাল কাঠ খিনি বামুনীগাওঁ বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয়।