অসম

বকোত অগ্নিকাণ্ডঃ কেইবা লাখ টকাৰ সা-সম্পত্বিকে ধৰি নগদ ধন ভষ্মীভূত…

asomiyapratidin

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত জুই লাগি কেইবালাখ টকাৰ সা-সম্পদ আৰু নগদ ধন ভষ্মীভূত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, বকো থানাৰ অন্তৰ্গত হাহিম দৈনিক বজাৰত কালি সন্ধিয়া হঠাৎ জুই লাগে ।প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে প্ৰনৱ বড়োৰ গেলামাল দোকানক থকা পেট্ৰল, ডিজেল আৰু কেৰাচিনত জুই লাগি সেই জুই লগে লগে চাৰিয়োফালে বিয়পি পৰে।

ফলত প্ৰণৱ বড়োৰ গেলামাল দোকানখনৰ উপৰিও প্ৰণৱ ৰাভাৰ মনোহাৰী, ফ্ৰেংকলিন মাৰাকৰ চাহ দোকান, ক্ৰিবিউ ৰাভাৰ ফাৰ্মাচী আৰু কাষতে থকা লক্ষণ ৰাভা ঘৰ-দুৱাৰৰ লগতে ভিতৰত থকা সা-সম্পত্বি জ্বলি সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয়।

জুইত ক্ষতিগ্ৰস্ত হোৱা দোকানীকে ধৰি পৰিয়ালটোৰ প্ৰায় তিনিলাখ টকা নগদ ধন আৰু ২০লাখৰো অধিক মূল্যৰ সা-সম্পত্বি জুইত ভষ্মীভূত হোৱা বুলি দাবী কৰিছে ।জুই লগাৰ লগে লগে স্হানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত বাহিনীটোৱে আহি আৰু অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়