boko elimination programme
boko elimination programme 
অসম

বকোত যক্ষ্মা ৰোগীক সাহায্য প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত শুকুৰবাৰে প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অন্তৰ্গত নিশ্চয় মিত্ৰ আঁচনিৰ অধীনত পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য প্ৰদান কৰা হয় । উল্লেখিত আঁচনি ৰূপায়নৰ বাবে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত কৰা হয় ।

চিকিৎসালয়খনৰ মহকুমা স্বাস্থ্য বিষয়া ডা: মন্টু কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনত বকোৰ বিধায়িকা নন্দিতা দাসে সাহায্য প্ৰদানৰ আঁচনিৰ শুভাৰম্ভণি কৰে। সভাখনৰ আঁতধৰে জ্যেষ্ঠ যক্ষ্মা পৰিদৰ্শক ধ্ৰুৱজ্যোতি মেধিয়ে ।

সভাত বকো গ্ৰাম্য চিকিৎসালয়ৰ উপ-অধীক্ষক ডা: অপূৰ্ব কুমাৰ তালুকদাৰ, কামৰূপ জিলাৰ পি পি এম সমন্বয়ক পলাশী কলিতা , চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে - বিজয় কলিতা, ভূপেশ চৌধুৰী , সৰলা দাসকে ধৰি বিশিষ্টয়ে অংশগ্ৰহণ কৰে ।