অসম

বকোত প্ৰথমগৰাকী কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোৰ প্ৰথম গৰাকী কোভিড-১৯ পজিটিভ লোকৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত আগচিয়াৰ আব্দুল আজিজ আলি (৭৪) নামৰ লোকগৰাকীৰ দেওবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড চিকিৎসালয়ত মৃত্যু হয়।

জানিব পৰা মতে, বৃক্ক, মধুমেহ আদিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত আছিল লোকগৰাকী । কিছু দিন আগতে শ্বাৱ সংগ্ৰহ কৰাত কোভিড-১৯ পজিটিভ ওলোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰায়।

মণিপুৰৰ আইজলত উচ্চপদস্থ আৰক্ষী বিষয়া হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা লোকগৰাকীৰ নশ্বৰ দেহ বকোৰ আগচিয়ালৈ নিশাৰ ভিতৰতে আনি প্ৰশাসনে জানাজা সম্পন্ন কৰা হয় । উল্লেখযোগ্য যে কোভিড-১৯ পজিটিভত মৃত্যু হোৱা আব্দুল আজিজ আলি বকোৰ প্ৰথম গৰাকী ব্যক্তি।