অসম

বকোত ছাত্ৰৰ শৰীৰত ধৰা পৰিল কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত সোমবাৰেও ধৰা পৰিল কোভিড পজিটিভ ৰোগী । বকো থানাৰ অন্তৰ্গত বকো ডনবস্ক' স্কুলত সোমবাৰে কোভিড পৰীক্ষা কৰোতে একাদশ বৰ্ষৰ ছাত্ৰ এগৰাকীৰ শৰীৰত ধৰা পৰে এই ৰোগ ।

জানিব পৰা মতে ছাত্ৰগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰনিবাসত থাকি অধ্যয়ন কৰে । ক'ভিড পজিটিভ ধৰা পৰাৰ পিছত ছাত্ৰগৰাকীক ছাত্ৰ নিবাসত হোম কোৱাৰেণ্টাইন কৰিছে ।