অসম

বকোত তিনি মহিলাৰ কৰ্ম-সংস্কৃতি,চাহ আৰু পিঠা বিক্ৰী কৰি জীৱন নিৰ্বাহ…

asomiyapratidin

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত তিনিগৰাকী মহিলাই একেলগে চাহ আৰু কেটেলি পিঠা বিক্ৰী কৰি পৰিয়াল পোহপাল দি আন দহগৰাকী মহিলাৰ বাবে কৰ্মপ্ৰেৰণা হৈ পৰিছে। ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ মাজমজিয়াত বিগত সাত বছৰে  উৰ্মিলা ৰাভা, ফুলেশ্বৰী বড়ো আৰু দৈৱকী বড়োই একেলগে ঘৰৰ চাউলেৰে বনোৱা কেটলি পিঠা আৰু চাহ বিক্ৰী কৰি আহিছে ।মহিলা কেইগৰাকীয়ে বকো-শনিবৰীয়া পথৰ বুঢ়াগোঁহাই মন্দিৰৰ সন্মুখত ৰাতিপুৱা প্ৰায় চাৰি বজাতে ঘৰৰ পৰা আহি অস্থায়ী এখন দোকান দি সেই দোকানখনত চাহ আৰু পিঠা বিক্ৰী কৰে।

ঘৰৰ চাউলৰ খুন্দি অনা পিঠাগুৰিৰে পিঠা বনাই দিনৰ প্ৰায় ১২ বজালৈকে চাহ-পিঠা বিক্ৰী কৰে তেওঁলোকে। কোৰোনাকালৰ আগতে মহিলা তিনিগৰাকীৰ অস্থায়ী দোকানখনত প্ৰায় দুহেজাৰ টকালৈকে বিক্ৰী হৈছিল চাহ-পিঠা। সম্প্ৰতি কিন্তু সাতশ টকাৰ পৰা এহেজাৰ টকা বিক্ৰী হয়। বিক্ৰী হোৱা টকাৰ পঞ্চাশ শতাংশ লাভ হয় । আনহাতে গ্ৰাহকৰ পৰা একাপ চাহ আৰু এখন কেটেলি পিঠাত দাম লয় মাত্ৰ দহ টকা।

বজাৰখনৰ অধিক সংখ্যক দোকানী-ব্যৱসায়ী মহিলা তিনিগৰাকীৰ দোকানখনৰ গ্ৰাহক।মহিলা কেইগৰাকীয়ে জানিবলৈ দিয়া মতে এক কি:গ্ৰাম চাউলৰ পিঠাগুৰিৰ পৰা পঁচিশখন পৰ্যন্ত পিঠা বনাব পাৰে ।খৰছৰ নামত চেনী-চাহপাত ক্ৰয়,দোকানখন দিয়াৰ নামত বজাৰ সমিতিক বিশ টকা, মহলদাৰক দহ টকা আৰু যিহেতু অস্থায়ী ভাৱে দোকান দিয়ে গতিকে নিশা দোকানৰ সা-সামগ্ৰীখিনি আনৰ ভাড়া কোঠাত ৰখাৰৰ বাবে কোঠাৰ মালিকক বিশ টকা দিব লগীয়া হয়।

উল্লেখযোগ্য যে মহিলা তিনিগৰাকী বকো বাঘৰগাঁৱৰ একেটা পৰিয়ালৰে বুলি ক'ব পাৰি। বৈবাহিক সূত্ৰেহে পৰিয়ালবোৰ বেলেগ বেলেগ হৈছে । তিনিগৰাকী মহিলাৰ ভিতৰৰ উৰ্মিলা ৰাভাৰ স্বামী নাই। অইন উপাৰ্জনো নাই। চাহ-পিঠাৰ দোকানখনেৰেই জীৱিকা অৰ্জন কৰি আহিছে । একেদৰে আন মহিলা দুগৰাকীয়েও চাহ দোকানখনেৰে জীৱিকা নিৰ্বাহ কৰে বুলি ক'ব পাৰি।