অসম

বোকাখাতত মহেন শইকীয়াৰ দুখনকৈ গ্ৰন্থ উম্মোচন…

asomiyapratidin

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ নুমলীগড় উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৃতি শিক্ষক বঁটা প্ৰাপ্ত মহেন শইকীয়াৰ দুখন গ্ৰন্থ "গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ" আৰু "মহিমা মণ্ডিত খনিকৰ পুথি"- সোমবাৰে কমাৰগ‍াঁও আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যালয়ত এক অনুষ্টুপিয়া অনুষ্ঠানত উন্মোচন কৰা হয়।কমাৰগাঁও অঞ্চলৰ এজন বিশিষ্ট শিক্ষক তথা শিক্ষা সংগঠক প্ৰয়াত দুৰ্বানন্দ গগৈৰ জীৱন বিষয়ক গ্ৰন্থ
"গুৰু প্ৰণাম দুৰ্বানন্দ গগৈ" উন্মোচন কৰে শিক্ষক জিতেন হাজৰিকাই আৰু আনখন গ্ৰন্থ "মহিমা মণ্ডিত খনিকৰ পুথি" উন্মোচন কৰে বিশিষ্ট লেখিকা সুবৰ্ণ শইকীয়াই ।

কমাৰগাঁও সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে গোলাঘাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিকৰ লগতে শিক্ষক মহেন শইকীয়াৰ ভালেসংখ্যক গুণগ্ৰাহী।