অসম

৯ এপ্ৰিলৰ পৰা কলকাতাৰ বলপুৰ ৰে’ল ষ্টেচনৰ পৰা নিৰুদ্দিষ্ট বোকাখাতৰ ৰঙাগৰা মৰঙিয়াল গাঁৱৰ এজন ব্যক্তি…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যখনৰ চৌদিশে ৰঙালী বিহুৰ উছাহ উদ্দিপনাই জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ সময়তে বোকাখাত মহকুমাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগৰা মৰঙীয়াল গাঁৱৰ এটা পৰিয়ালৰ এজন ব্যক্তিৰ ৰহস্যজনক নিৰুদ্দেশ বাৰ্তাই ম্লান কৰিছে গাঁওবাসীৰ ৰঙালীৰ উচাহ। জানিব পৰা মতে, ৰঙাগৰা মৰঙীয়াল গাঁৱৰ অৰুন নৰহ নামৰ ব্যক্তিজন বহিঃৰাজ্য গোৱাৰ এটি ঔদ্যোগিক কৰ্মক্ষেত্ৰৰ পৰা বহাগ বিহু উপলক্ষে স্বগৃহলৈ উভতি অহাৰ পথত কলকাতাৰ বলপুৰ ৰেল ষ্টেশ্যনৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ আছে চলিত মাহৰ ৯ এপ্ৰিলৰ পৰা।

জানিব পৰা মতে, ৭ এপ্ৰিলত কৰ্মক্ষেত্ৰৰ পৰা স্বগৃহলৈ উভতি অহা অৰুন নৰহৰ ৯ এপ্ৰিললৈকে যোগাযোগ অব্যাহত আছিল পৰিয়ালৰ সৈতে। ইফালে অৰুণ নৰহৰ লগতে স্বগৃহলৈ উভতি অহা গোলাঘাটৰ জনৈক 'দেৱ' নামৰ এজন ব্যক্তিয়ে ৯ এপ্ৰিলত ৮৮৫৭৯৪৪৭৪৩ নম্বৰৰ এক ফোন যোগে নিৰুদ্দিষ্ট অৰুন নৰহৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা অৱগত কৰিছিল পৰিয়ালৰ লোকক।

কিন্তু তাৰ পাছৰ পৰাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে অৰুণ নৰহ নামৰ ব্যক্তিজন। উল্লেখযোগ্য যে, জনৈক দেৱ নামৰ ব্যক্তিজনে অৰুন নৰহৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা ৯ এপ্ৰিলত পৰিয়ালৰ লোকক জনোৱাৰ পাছৰে পৰা তেওঁৰ মবাইল ফোন বন্ধ হৈ থকাত স্বাভাৱিতেই পৰিয়ালৰ লোকে ব্যক্তি জনৰ স্থিতিৰ প্ৰতিও সন্দেহ ব্যক্ত কৰিছে।

এই সন্দৰ্ভত নিৰুদ্দিষ্ট অৰুন নৰহৰ পৰিয়ালৰ তৰফৰ পৰা দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে যদিও এই পৰ্যন্ত যাবতীয় পদক্ষেপ গ্ৰহন কৰা নাই দেৰগাঁও আৰক্ষীয়ে। আনহাতে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে,নিৰুদ্দিষ্ট অৰুণ নৰহৰ পৰিয়ালৰ কেইবাজনো ব্যক্তিয়ে কলকাতাৰ বলপুৰ ৰেল ষ্টেশ্যনত ব্যক্তিজনৰ সন্ধানত গৈছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম নহ'ল।