অসম

খবৰ নাই জনপ্ৰতিনিধিৰঃ নিশা হ'লেই বন্যহস্তীৰ বাবে টঙিঘৰত উঠিবলগীয়া কেইটামান আদিবাসী পৰিয়ালৰ কাহিনী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ কাৰ্বি আংলঙ জিলাৰ সমীপৱৰ্তী আৰু বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল। জীৱন জীৱিকাৰ বাবে সম্পূৰ্ণ কাৰ্বি পাহাৰৰ শুকান খৰিৰ ওপৰত নিৰ্ভৰশীল পাঁচটা আদিবাসী পৰিয়াল।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই কাষতে অৱস্থিত বৰচাপৰি চাহ বাগিছাৰ "পাহাৰ লাইন" বুলি পৰিচিত অঞ্চলটোৰ এই আদিবাসী পৰিয়াল কেইটাৰ প্ৰতিদিনৰ জীৱন কেনেদৰে অতিবাহিত হয় তাৰ খবৰ ল'বলৈ গ'লেই স্বাভাৱিকতেই লজ্জিত হ'ব বোকাখাত বিধানসভা সমষ্টিৰ আধুনিক জীৱন শৈলী।কিয়নো ভয়াবহ হাতী মানুহৰ সংঘাটৰ যি দৃশ্য আমি বিভিন্ন মাধ্যমত দেখি থাকো তাতোতকৈও মৰ্মান্তিক এই পাঁচটা আদিবাসী পৰিয়ালৰ দৈনন্দিন।

বেলি পৰাৰ পাছতেই সমিপৰ কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ লগত দৈনন্দিন মুখামুখি হোৱা এই পৰিয়াল কেইটাৰ ঘৰ মাটিত যদিও নিশাৰ ভাগত পৰিয়ালৰ মহিলা আৰু কণ কণ শিশুৰ সৈতে প্ৰাণৰ মমতাত সকলো উঠি যাব লাগে বাৰীৰেই একো একোজোপা প্ৰকাণ্ড গছৰ ওপৰত নিৰ্মিত টঙিঘৰলৈ। জীৱনৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ আৰু উপায় নাই।

"আমি ৰাতি হোৱাৰ লগে লগেই টঙিঘৰত উঠিব লগীয়া হয়। বনৰীয়া হাতীৰ পৰা বাচি থাকিবলৈ তলত ডাঙৰকৈ জুই জ্বলাই আমি টঙি ঘৰত উঠো, তাৰ বাহিৰে আমাৰ উপাই নাই। ফৰেষ্টৰ মানুহে আমাক কোনোদিন চোৱা নাই।"- অঞ্চলটোৰ এগৰাকী ব্যক্তিয়ে ক'লে এনেদৰে।

বিগত সময়চোৱাত এই অঞ্চলটোত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হৈছে যদিও আজিৰ তাৰিখলৈকে ৰাজ্যখনৰ বিয়াগোম বন বিভাগটোয়ে একো ব্যৱস্থায়েই গ্ৰহন কৰা নাই অঞ্চলটোত। কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াত গঢ়ি উঠা কাঠফুলা সদৃশ ৰিজৰ্ট আৰু হোটেল ব্যৱসায়ৰ হিচাপ-নিকাচৰ প্ৰতি চৰম ভাবে আগ্ৰহী বন বিভাগটোৰ আমোলা-বিষয়ববীয়াই এনেদৰে দশক দশকজুৰি জীৱনৰ নিৰাপত্তাহীনতাত ভোগী থকা এই পৰিয়াল কেইটাৰ বাবে নুন্যতম চিন্তা-চৰ্চাও কৰা আজিলৈকে পৰিলক্ষিত নহ'ল। আনকি গোলাঘাট জিলাৰ কোনো স্বেচ্ছাসেৱী সংগঠণৰো কোনো বিষয়ববীয়াই ভুমুকি মৰা নাই অঞ্চলটোত।

"এতিয়ালৈকে কেইবাজনো মানুহক হাতীয়ে মাৰিছে, হাতীয়ে মানুহ মাৰিলে চৰকাৰে কিমান টকা দিয়ে নাজানো। আমাৰ ইয়াত মাত্ৰ ৭০০০টকা পাইছে।"-এগৰাকী মহিলাৰ মন্তব্য।

উল্লেখযোগ্য যে মাত্ৰ কেই কিলোমিটাৰমান নিলগত থকা নুমলীগড় খণ্ড বন বিভাগৰ কৰ্যালয়ৰ পৰা অঞ্চলটোত বিপদকালীন সময়তো উপস্থিত হোৱাৰ নজিৰ নাই এজনো বনকৰ্মীৰ। আনকি বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়ালক মাত্ৰ "সাত হাজাৰ" টকা ক্ষতিপূৰণ প্ৰদান কৰিয়েই দায় সাৰিছে বন বিভাগে।

ইফালে কাৰ্বি পাহাৰৰ শুকান খৰি বোকাখাতৰ কুৰুৱাবাহী তিনিআলি,বিহৰা বজাৰ নাইবা বৰচাপৰি বাগান বজাৰত বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰা পৰিয়ালকেইটাই বৰ্তমানলৈকে লাভ কৰা নাই চৰকাৰী হিতাধিকাৰীয়ে লাভ কৰা কোনো চৰকাৰী সা-সুবিধা। এটোপা পৰিষ্কাৰ খোৱা পানীৰ বাবেও পৰিয়ালকেইটাই নিৰ্ভৰ কৰিব লাগে কাৰ্বি পাহাৰৰ পৰা নামি অহা জুৰিৰ ওপৰত।‌ স্কুলীয়া শিক্ষাৰ বাবেও বিপদ সংকুল পথেৰে যাতায়ত কৰিব লাগে পাঁচ-ছয় কিলোমিটাৰ আঁতৰৰ শিক্ষানুষ্ঠানলৈ। সমিপত নাই কোনো অংগনৱাড়ী কেন্দ্ৰ।

"চৰকাৰী সুবিধা আমি পোৱা নাই। খোৱা পানীৰ বাবে পাহাৰীয়া জুৰিৰ পানী খাওঁ। ইস্কুল বহুত দুৰত বাবে অসুবিধা হয়, কেতিয়াবা দিনতে হাতী ওলাই বাবে সদাই ইস্কুললৈ ল'ৰা-ছোৱালী পঠিয়াব নোৱাৰি। ওচৰত অংগনৱাড়ী চেণ্টাৰ নথকাৰ বাবেও আমাৰ ল'ৰা-ছোৱালী পঢ়া-শুনাত পিছ পৰি আছে।"-আন এগৰাকী মহিলাৰ মন্তব্য।

এনেদৰেই একপ্ৰকাৰ বন্যহস্তীৰ লগত সহ অৱস্থান কৰা পৰিয়াল কেইটাই প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই দুটাকৈ কাৰ্যকালত আজিলৈকে ভৰি দি পোৱা নাই অঞ্চলটোত। এই পাঁচটা পৰিয়ালৰ দুৰ্বিষহ জীৱন যাপনৰ খবৰৰ পৰা যেন এক নিৰাপদ দূৰত্বত অৱস্থান কৰি আহিছে বোকাখাত বিধান সভা সমষ্টিৰ প্ৰত্যেকজন জনপ্ৰতিনিধিয়েই।