অসম

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে ৭০ লাখ টকীয়া “বোকাখাত মিল্ক পাৰ্লাৰ”…

asomiyapratidin

ডিজিটেল সংবাদ বোকাখাতঃ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাত চহৰৰ মাজমজিয়াত থকা 'বোকাখাত মিল্ক পাৰ্লাৰ' নামৰ দুগ্ধ উন্নয়ন বিভাগৰ অধীনস্থ বিপনন কেন্দ্ৰটোত অতি অস্বাস্থ্যকৰ পৰিৱেশত বিপনন কৰা হৈছে দুগ্ধ জাত সামগ্ৰী।

কেন্দ্ৰৰ অন্তৰ্ভাগ বিজ্ঞানসন্মত ৰূপত চাফা নকৰাৰ বাবে অকটা গোন্ধত নাকত সোপা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দেৱালত শেলুৱৈ গজি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বিপনন কেন্দ্ৰৰ সমুখভাগত আঠুৱনীয়া বোকা। চহৰৰ মাজমজিয়াত থকা কেন্দ্ৰটোৰ এনে কদৰ্যময় ৰূপ দেখাৰ পিছতো প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

জানিব পৰা অনুসৰি, বিধান সভা নিৰ্বাচনৰ আগে আগে মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ এই দুগ্ধ উন্নয়ন বিভাগটোৰ উন্নয়নৰ বাবে ৭০ লাখ টকা আৱন্টন দিয়া হৈছিল। উক্ত ব্যয়েৰে নিৰ্মিত গৃহ দুটা ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত উদ্ধোধন কৰিছিল মন্ত্ৰী অতুল বৰাই।

উক্ত নিৰ্মাণ কাৰ্যৰ ভিতৰত আছিল এটা কাৰ্যালয় গৃহ আৰু এটা গাখীৰ বিপনন কেন্দ্ৰ। নিৰ্বাচন ওচৰ চাপি অহাৰ বাবে অতি খৰতকীয়াকৈ এই নিৰ্মাণৰ কাম অসম্পূৰ্ণ অৱস্থাতে উদ্বোধন কৰে মন্ত্ৰী বৰাই। যাৰ বাবে নিৰ্মাণ কাৰ্যৰ ভালেখিনি কামে পূৰ্ণতাই নাপালে। যিখিনি হ'ল সেয়াও ত্ৰুটিপূৰ্ণ।

আনহাতে, নিৰ্বাচনৰ প্ৰাককালত নিৰ্মিত এই কাৰ্যালয় গৃহত অদ্যপী কোনো বিষয়া নিযুক্তি দিয়া হোৱা নাই। যাৰ বাবে এয়া কেৱল এক নিৰ্বাচনী চমক আছিল বুলি ৰাইজে চৰ্চা কৰিছে। এক সূত্ৰ অনুসৰি, এই ঠিকা লাভ কৰিছিল গুৱাহাটীৰ এজন ঠিকাদাৰে। কাম সম্পূৰ্ণ নকৰাকৈয়ে ঠিকাদাৰে সম্পূৰ্ণ ধন উলিয়াই লৈ যায় বুলিও সূত্ৰটোত প্ৰকাশ।

ইফালে, নিৰ্মাণ কাৰ্যও ত্ৰুটিপূৰ্ণ হোৱাৰ বাবে এতিয়া বিপনন কেন্দ্ৰটোত অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে। ইফালে, বোকাখাত দুগ্ধ উন্নয়ন বিভাগত মুঠ ৬ জন চৰকাৰী কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্বাহ কৰি আছে।

অৰ্থাৎ বিভাগটোৰ কেৱল কৰ্মচাৰীৰ নামতে চৰকাৰে অতি কমেও ৩-৪ লাখ টকা ৰাজহুৱা ধন প্ৰতি মাহে ব্যয় কৰি আছে। অথচ ইয়ালৈ গাখীৰ আহে মাত্ৰ ২০০ লিটাৰ। তাৰো মানদণ্ড নিম্ন বুলি অভিযোগ উঠি আহিছে।

কেৱল পনিৰ আৰু গাখীৰৰ বাদে আন দুগ্ধজাত সামগ্ৰী ইয়াত পোৱা নাযায়। তৎস্বত্বেও দুজন অপাৰেটৰ, এজন মেকানিক, এজন কনিষ্ঠ সহায়ক, এজন ভাৰপ্ৰাপ্ত বিষয়া আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নামত বৃহৎ পৰিমাণৰ ধন প্ৰতি মাহে খৰছ কৰি আছে চৰকাৰে।

খোদ পশুপালন মন্ত্ৰী অতুল বৰাই দ্বিতীয়টো কাৰ্য কাল গাদীত বহিছে যদিও গৃহসমষ্টিতে দুগ্ধ উন্নয়নৰ নামত কূট এগছো কৰা নাই বুলি অভিযোগ উঠিছে। এই জিলা দুগ্ধ উন্নয়ন বিভাগ নামৰ চৰকাৰী বগাহাতীটো অপ্ৰয়োজনীয়ভাৱে চৰকাৰে পুহি ৰাখিছে বুলি ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অস্বাস্থ্যকৰ পৰিৱেশত গাখীৰ বিপনন কৰা বন্ধ কৰিবলৈও সচেতন ৰাইজে আহ্বান জনাইছে।