অসম

এফালে বিজেপিৰ শান্তি সমদল, আনফালে গোলাঘাট বন্ধ,VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাট/নুমলীগড়ঃ CAAৰ সমৰ্থনত বিজেপি আৰু মিত্ৰ দল সমূহে শুকুৰবাৰে গোলাঘাট জিলাৰ বোকাখাতত আয়োজন কৰা সংকল্প সমদলৰ বিৰুদ্ধে জিলাখনৰ সকলো CAA বিৰোধী মঞ্চই যৌথ ভাৱে গোলাঘাট জিলা বন্ধৰ আহ্বান কৰিছে। এই ১২ ঘন্টীয়া বন্ধৰ প্ৰভাৱ জিলাখনৰ ঠায়ে ঠায়ে সম্পূৰ্ণ পৰিছে৷

প্ৰতিবাদকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই বিজেপি গ' বেক, অতুল বৰা গ' বেক, মৃণাল শইকীয়া গ' বেক, কা আমি নামানো আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰিছে। শেষতীয়াকৈ অহা খবৰ মতে গোলাঘাটত নগৰত ঠাইয়ে ঠাইয়ে প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে। গাড়ী-মটৰ সেৰেঙা আৰু দোকান-পোহাৰো প্ৰায় বন্ধ।

দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী-মটৰ সেৰেঙা আৰু বেছি সংখ্যক দোকান-পোহাৰেই বন্ধ। খুমটাইতো প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে দোকান-পোহাৰ বন্ধ। আনহাতে বোকাখাতত বহুতো যাত্ৰীবাহী সৰু-বৰ গাড়ী আহি পথৰ কাষত ৰৈ আছেহি। প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে বিজেপিয়ে চৰকাৰত থকাৰ সুবিধা লৈ সংকল্প যাত্ৰা সফল কৰিবৰ বাবে সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰকে কামৰ লগাই দিছে।

তেওঁলোকে দাবী কৰে যে এই অনুষ্ঠানলৈ মানুহ আনিবৰ বাবে গোলাঘাটৰ এখনো যাত্ৰীবাহী গাড়ী নাপায় তেওঁলোকে নগাঁও আৰু তেজপুৰৰ পৰা গাড়ী আনি বোকাখাতত পোৱাইছেহি। আনহাতে বিজেপিয়েও তেওঁলোকৰ এই অনুষ্ঠান যিকোনো প্ৰকাৰে সফল কৰিবলৈ উঠিপৰি লাগিছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সংগঠন সমূহৰ নেতা সকলৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে। ইতিমধ্যে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা অনন্ত গগৈ আৰক্ষীয়ে আটক কৰিছে। জনসাধাৰণৰ প্ৰৱল বিৰোধৰ পাছত CAAৰ সমৰ্থনত বিজেপিৰ এই সংকল্প যাত্ৰা কিমান সফল হয় সেয়া লক্ষণীয় হ'ব।