অসম

বোকাজানটো অনুষ্টুপীয়াকৈ পালন শিক্ষক দিৱস…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাজানঃ শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষাৰ পোহৰ বিস্তাৰ আৰু ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষক সকলৰ অৱদানক সন্মান জনাই প্ৰতি বছৰে শিক্ষক দিৱস পালন কৰা হয়।

কোৰোনাৰ বাবে সমগ্ৰ দেশতেই বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয়, শিক্ষানুষ্ঠানসমূহ। এসময়ত শাৰী শাৰীকৈ পাঠদান কৰা স্কুলৰ বেঞ্চবোৰ এতিয়া ধূলিময় হৈ পৰিছে। বিদ্যালয় মহাবিদ্যালয় সকলোতে নিমাওমাও পৰিৱেশ। কোৰোনা মহামাৰীৰে যেন স্তব্ধ কৰি পেলাইছে শিক্ষাৰ্থীৰ জীৱন।

সমগ্ৰ দেশৰ লগতে উদ্যোগনগৰী বোকাজানটো অনুষ্টুপীয়াকৈ পালন কৰা হয় শিক্ষক দিৱস। জগতক জ্ঞানৰ পোহৰে পোহৰাই তোলা পূজনীয় শিক্ষা গুৰুসকলৰ আজিৰ দিনটো কোৰোনা মহামাৰীৰ বাবে পালন কৰিব পৰা ন'গল। বোকাজান উচ্চ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনত সৰ্বপলি ৰাধাকৃষ্ণ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপন কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে।