অসম

বোকাজানৰ ধনশিৰী নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজানৰ ধনশিৰী নদীত উদ্ধাৰ হৈছে এটি অচিনাকি মৃতদেহ। মৃতদেহতো উটি আহি ধনশিৰী নদীৰ ৰেলৰ দলঙৰ খুটাত লাগি আছিল। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰে'ল আৰক্ষীক খবৰ দিয়াত ৰেল আৰক্ষীয়ে নদীৰ পাৰলৈ তুলি আনে মৃতদেহটো।

কেইবা দিন ধৰি মৃতদেহটো পানীত পৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰে'ল আৰক্ষীয়ে। বহুদিন ধৰি পানীত থকাৰ বাবে প্ৰায় উৱলি গৈছে মৃতদেহটো। উল্লেখযোগ্য যে, মৃতদেহটোৰ গাত একো কাপোৰ নাছিল। এইয়া হত্যা নে আত্মহত্যা সেয়া সম্পূৰ্ণ এতিয়া ৰহস্যৰ আৱৰ্তত। সম্প্ৰতি ৰে'ল আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ দিহা কৰিছে।