অসম

নকল ঔষধৰ ৰমৰমীয়া বেহা ! বজালীৰ বিভিন্ন স্থানত অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ বজালীঃ জীৱন দায়িনী ঔষধৰ নামত বজালী, ফিঙুৱা, কয়াকুছিৰ একাংশ ফাৰ্মাচীত বিক্ৰী হয় নকল দৰব ।তেনে খবৰ লাভ কৰিয়ে শুকুৰবাৰে দুপৰীয়াৰ পৰা নিশালৈ বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক আৰু দিল্লীৰ পৰা অনুসন্ধান নামৰ সংস্থা এটাৰ বিষয়া প্ৰশান্ত কুমাৰ নামৰ Intaluctual Property Rights ৰ বিষয়া গৰাকীৰ নেতৃত্বত কেইবাখনো ফাৰ্মাচীত তেনে নকল ঔষধ বিচাৰি অভিযান চলোৱা হয়।

অভিযানত পাঠশালাৰ এখন, ফিংগুৱাত এখন আৰু কয়াকুছিত হাবিয়া নামৰ এখন ফাৰ্মাচীৰ পৰা udilive 300 ৰ নকল ঔষধ উদ্ধাৰ কৰা হৈছে। লগতে উদ্ধাৰ কৰা হৈছে কেইবাবিধো নকল দৰব।ইয়াৰ উপৰিও কয়াকুছিত অবৈধ ঔষধৰ গুডাম এটাও অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। নিশা বৰপেটা জিলা ঔষধ পৰিদৰ্শক আৰু দিল্লীৰ পৰা অহা অনুসন্ধান সংস্হাৰ পৰা অহা বিষয়াগৰাকীয়ে বিভাগীয় ভাৱে যাৱতীয় ব্যবস্থা গ্ৰহণৰ ব্যবস্থা কৰে।